কোকৰাঝাৰ, 3 অক্টোবৰ : বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়োক কাৰ্যবাহী সদস্যৰ পদৰ আঁতৰ কৰি তেওঁৰ ঠাইত বিজিত গৌড়া নাৰ্জাৰীক কাৰ্যবাহী পদত অধিষ্ঠিত কৰাৰ পাচত বুধবাৰে বিটিচি বিধান পৰিষদ ভৱনত শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন হয় ৷
বিটিচিত নতুন কাৰ্যবাহী সদস্যৰ শপতগ্ৰহণ
বিটিচিৰ কাৰ্যবাহী হিচাপে শপত ললে বিজিত গৌৰা নাৰ্জাৰীয়ে । ফেব্ৰুৱাৰীত বিটিচিৰ নিৰ্বাচন ৷
বি টি চিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকনে শপত বাক্য পাঠ কৰোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, উপ মুখ্য খাম্ফা বৰগয়াৰী আৰু বিটিচিৰ আন কাৰ্যবাহী সদস্যসকল । হস্ততাঁত আৰু ৰেচন বিভাগৰ দায়িত্ব লাভ কৰি নৱ নিযুক্ত কাৰ্যবাহী সদস্য বিজিত গৌৰা নাৰ্জাৰীয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁৰ ওপৰত ন্যাস্ত দায়িত্ব সঠিকভাৱে পালন কৰিব বুলি মন্তব্য কৰে ।
গুৰুত্বপূৰ্ণ কথাটো হ'ল - বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে অহা ফেব্ৰুৱাৰীৰ শেষৰ ভাগত নতুবা মাৰ্চৰ প্ৰথম সপ্তাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হব বুলি সদৰিী কৰিছে । বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ বাবে ছয়জন মনোনীত সদস্যক নিযুক্তি দিয়া নহয় বুলি স্পষ্ট কৰি দিয়ে মহিলাৰীয়ে ৷