অসম

assam

ETV Bharat / state

বিটিচি নিৰ্বাচন : নিৰংকুশ সংখ্যা গৰিষ্ঠতা নাপালে কোনো দলে ! - বিটিচি নিৰ্বাচন

ঘোষণা হ'ল বিটিচি নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল ৷ কোনো এটা দলেই লাভ নকৰিলে সংখ্যা গৰিষ্ঠতা ৷ বিপিএফ দলে 17 খন, ইউপিপিএল দলে 12 খন, বিজেপিয়ে 9 খন আসন লাভ কৰে ৷

btc election final result
বিটিচি নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল

By

Published : Dec 13, 2020, 1:29 AM IST

Updated : Dec 13, 2020, 4:11 AM IST

নিউজ ডেস্ক, ডিচেম্বৰ 13 : ইতিমধ্যে ঘোষিত হ'ল বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফল ৷ প্ৰতিটো দলেই দাবী কৰা ধৰণে আশানুৰূপ নহ'ল নিৰ্বাচনী ফলাফল ৷ কিয়নো পৰিষদ গঠনৰ বাবে প্ৰয়োজনীয় যি 21 আসন সংখ্যা, সেয়া লাভ নকৰিলে কোনো এটা দলে ৷ ফলাফলৰ অন্তত বিপিএফ দলে 17 খন, ইউপিপিএল দলে 12 খন, বিজেপিয়ে 9 খন আসন লাভ কৰে ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ মিত্ৰজোটে এখন আৰু গণ সুৰক্ষা পাৰ্টীয়েও এখনকৈ আসনত জয় লাভ কৰে ৷

উল্লেখ্য যে, প্ৰথমাৱস্থাত বিপিএফ আৰু ইউপিপিএলৰ মাজ্ঞতেই তুমুল ভোট যুদ্ধ চলি আছিল যদিও ইয়াত প্ৰভাৱ পেলাই বিজেপিয়ে ৷ বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ 6 নং কচুগাঁও সমষ্টি আৰু 10 নং দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ ইয়াৰে ভিতৰত কচুগাঁও সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী উকিল মুছাহাৰীৰ হাতত 507 টা ভোটত পৰাজিত হয় হাগ্ৰামা মহিলাৰী ৷ আনহাতে দেৱৰগাঁও সমষ্টিত 1982 টা ভোটত জয়ী হয় বিপিএফৰ সভাপতিগৰাকী ৷ কিন্তু বিপিএফৰ আন এগৰাকী জ্যেষ্ঠ নেতা খাম্ফা বৰগয়াৰী পৰাজিত হৈছে এই নিৰ্বাচনত ৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে মুঠ 17 খন আসনত জয়লাভ কৰিছে যদিও পৰিষদ গঠনৰ বাবে এয়া যঠেষ্ট নহয় ৷

বিটিচি নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল

ইউপিপিএল দলৰ মূল প্ৰাৰ্থী প্ৰমোদ বড়ো জয়ী হৈছে দুয়োটা সমষ্টিত ৷ প্ৰথমাৱস্থাত কোকলাবাড়িত প্ৰমোদ বড়ো বহু ভোটৰ ব্যৱধানত পিচ পৰি আছিল যদিও অৱশেষত 3734 টা ভোটত জয়লাভ কৰে প্ৰমোদ বড়োৱে ৷ আন এটা সমষ্টি গয়বাড়িত 5789 টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে প্ৰমোদ বড়োৱে ৷ ভোট গণনাৰ অন্তত মুঠ 12 আসনত জয় লাভ কৰে ইউপিপিএল দলে ৷ উল্লেখ্য যে, বিপিএফক ওফৰাই ইউপিপিএল শাসনত বহিব বুলি ধাৰণা কৰিছিল বহুতেই ৷ কিন্তু কাৰ্যতঃ সেয়া হৈ নুঠিল ৷

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰা বিজেপি দল সীমাৱদ্ধ থাকিল চিংগল ডিজিটত ৷ মুঠ 9 খন আসনত জয়লাভ কৰে বিজেপি দলে ৷ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিয়ে পদুম ফুলাব নোৱাৰিলে বিটিচিত ৷ যি ধৰণে বিজেপি দলে বিটিচিৰ মচনদ দখলৰ দাবী কৰিছিল, তাৰ কাষ চাপিবলৈও বহু দূৰ থাকি গ'ল দলটোৰ ৷

আনহাতে, বদৰুদ্দিন আজ্ঞমলৰ কোলাত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব খোজা কংগ্ৰেছ দলৰ অৱস্থা হৈ পৰিল তেনেই শোচনীয় ৷ এখন মাত্ৰ আসন লাভ কৰি সান্তনা লভিব লগীয়া হৈছে ৰিপুন বৰাৰ দলে ৷ অনুৰূপ ধৰণে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীয়েও এখন আসনত জয়ী হৈ কোনোমতে দলটো নিচিহ্ন হোৱাৰ পৰা ৰক্ষা পৰে ৷

বিভিন্ন দলে জয়লাভ কৰা সমষ্টি সমূহ :

বিপিএফ :পৰ্বতঝোৰা, গোমা, যমদুৱাৰ, চৰাইবিল, দতমা, বৰনগৰ, দেৱৰগাঁও, বাওখুংৰী, চালাকাটি, চিৰাং, কাজলগাঁও,নিচিমা, সৌভাইঝাৰ, মানস ছেৰফাং, শালবাৰী, দৰঙাজুলী, দহনশ্ৰী ৷

ইউপিপিএল :কচুগাঁও, চিৰাং দুৱাৰ, কোকলাবাড়ি, মুছলপুৰ, বাগানপাৰা, গয়বাড়ি, গোৰেশ্বৰ, ভেড়গাঁও, খালিং দুৱাৰ, হৰিশিঙা, ভৈৰৱকুণ্ড, ৰৌতা ৷

বিজেপি :ফকিৰাগ্ৰাম, থুৰিবাড়ি, মথনগুৰী, নাগ্ৰীজুলি, চুকলাই ছেৰফাং, খৈৰবাড়ি, ননৈ ছেৰফাং, মুদৈবাড়ি, পানচৈ ছেৰফাং ৷

গণ সুৰক্ষা পাৰ্টী :দিহিৰা

কংগ্ৰেছ :শ্ৰীৰামপুৰ

Last Updated : Dec 13, 2020, 4:11 AM IST

ABOUT THE AUTHOR

...view details