অসম

assam

By

Published : Aug 22, 2020, 8:44 PM IST

ETV Bharat / state

কৰ'ণা ভয়াৱহতাৰ মাজতো তুংগত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ

শনিবাৰে বিটিচি পৰিষদীয় বাঁওশুংগ্ৰী সমষ্টিৰ অধীনৰ ছাঁমঠাইবাৰীত বিপিএফৰ প্ৰধান বিৰোধী দল ইউপিপিএলে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ এই প্ৰচাৰ সভাতে বিপিএফৰ প্ৰাক্তন এমচিএলএ আব্দুল আলি মণ্ডল, সূত্ৰধৰ সন্মিলনী সমিতিৰ সভাপতি অমূল্য সূত্ৰধৰকে ধৰি বিপিএফৰ যুৱ নেতাসমূহ ইউপিপিএলত যোগদান কৰে ৷

BTC election 2020 Cmapaign
কৰ'ণা ভয়াৱহৰ মাজতো বিটিচি নিৰ্বাচন প্ৰচাৰ তুংগত বড়ো ভূমিত

কোকৰাঝাৰ,22 আগষ্টঃ মহামাৰী কোভিড 19ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি পৰিষদীয় সমষ্টিসমূহৰ নিৰ্বাচন স্থগিত ৰাখিছিল ৰাজ্যৰ নিৰ্বাচনী আয়োগে ৷ ইয়াৰ মাজতে কৰ’ণাৰ বাবে কিছুমান নিৰ্দিষ্ট নীতি-নিয়ম বান্ধি বিটিচিত পুনৰ নিৰ্বাচনৰ যো-জা আৰম্ভ কৰা হৈছে ৷ সম্প্ৰতি বিটিছিৰ শাসনভাৰ নিজ দখলত অনাৰ বাবে বড়ো ভূমিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে ৷

বড়ো ভূমিত নিৰ্বাচনী প্ৰচাৰ তুংগত

শনিবাৰে বিটিচি পৰিষদীয় বাঁওশুংগ্ৰী সমষ্টিৰ অধীনৰ ছাঁমঠাইবাৰীত বিপিএফৰ প্ৰধান বিৰোধী দল ইউপিপিএলে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ এই প্ৰচাৰ সভাতে বিপিএফৰ প্ৰাক্তন এমচিএলএ আব্দুল আলি মণ্ডল, সূত্ৰধৰ সন্মিলনী সমিতিৰ সভাপতি অমূল্য সূত্ৰধৰকে ধৰি কেইবাগৰাকীও বিপিএফৰ যুৱনেতাই ইউপিপিএলত যোগদান কৰে ৷ সমান্তৰালকৈ, কোকৰাঝাৰৰ ডাওলাবাৰী চাহ বাগিচাত নিজৰ বনৰগাঁও সমষ্টিক পুনৰ দখলত অনাৰ বাবে প্ৰচাৰ চলায় বিপিএফৰ প্ৰাক্তন ই এম ৰাজীৱ কুমাৰ ব্ৰহ্মই ৷

আনহাতে, ৰাজ্যিক নিৰ্বাচন আয়োগে বি টি এডিৰ কোকৰাঝাৰ, চিৰাং,বাক্সা আৰু ওদালগুৰি জিলাত পৰিষদৰ চল্লিছটা সমষ্টিৰ অন্তৰ্গত ভোট কেন্দ্ৰৰ সংখ্যা নিৰ্নয় কৰাৰ বাবে জৰীপ চলাইছে যদিও বৰ্তমানলৈকে নিৰ্বাচনৰ তাৰিখ ধাৰ্য কৰা হোৱা নাই ৷

লগতে পঢ়ক-চলিত মাহৰ শেষত কটনত আৰম্ভ হ’ব নামভৰ্তি প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details