অসম

assam

ETV Bharat / state

শীঘ্ৰেই বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আয়োগৰ

ৰাজ্যিক নিৰ্বাচন আয়োগে ভোট কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰি আৰু ক'ভিড-19 ৰ নীতি-নিৰ্দেশনা পালন কৰি বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ৷ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনাৰ পিচতেই বিটিএডিত নির্বাচনী কুচকাৱাজ আৰম্ভ হ'বলৈ ধৰিছে আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ এনে পদক্ষেপক আদৰণি জনাইছে বিভিন্ন ৰাজনৈতিক দল-সংগঠনসমূহে ৷

BTC ELECATION UPDATE
ক'ভিড-19 ৰ নীতি-নিৰ্দেশনা পালন কৰি বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আয়োগৰ

By

Published : Jul 28, 2020, 8:34 PM IST

কোকৰাঝাৰ, 28 জুলাই :ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ মাজতে পুনৰ তুংগত উঠিছে বিটিচি নিৰ্বাচনৰ প্ৰসংগ ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে স্থগিত ৰখা বিটিচি পৰিষদীয় নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ৰণডংকা বজোৱা পৰিলক্ষিত হৈছে ৷

ক'ভিড-19 ৰ নীতি-নিৰ্দেশনা পালন কৰি বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আয়োগৰ

শেহতীয়াকৈ ৰাজ্যিক নিৰ্বাচন আয়োগে ভোট কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰি আৰু ক'ভিড-19 ৰ নীতি-নিৰ্দেশনা পালন কৰি বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ৷ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনাৰ পিচতেই বিটিএডিত নির্বাচনী কুচকাৱাজ আৰম্ভ হ'বলৈ ধৰিছে আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ এনে পদক্ষেপক আদৰণি জনাইছে বিভিন্ন ৰাজনৈতিক দল-সংগঠনসমূহে ৷

ক'ভিড-19 ৰ নীতি-নিৰ্দেশনা পালন কৰি বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আয়োগৰ
আনহাতে,নিৰ্বাচনী আয়োগৰ এই নিৰ্দেশনাৰ পিচতেই কোকৰাঝাৰৰ সাংসদ অৰ্থাৎ গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ কুমাৰ শৰনীয়াই নিৰ্বাচনী আয়োগৰ পৰিকল্পনাক আদৰণি জনাই কয় যে,ক'ভিড যুদ্ধৰ মাজত ছেপ্টেম্বৰ ভাগত নিৰ্বাচন অনুষ্ঠিত কৰাটো অতি দৰকাৰী বুলি উল্লেখ কৰে ৷ ইফালে,ইউপিপিএল দলৰ চিৰাং দুৱাৰৰ পাৰ্থী ৰঞ্জিত বসুমতাৰী (বি আৰ ফেৰেংগা)কয় যে,বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অসম নিৰ্বাচন আয়োগৰ যি প্ৰচেষ্টা সেয়া প্ৰশংসনীয় ৷ কিয়নো বিটিএডিবাসীৰ বাবে নতুন বিটিচি প্ৰশাসনৰ অতি প্ৰয়োজন আছে বুলিও উল্লেখ কৰে ৰঞ্জিত বসুমতাৰীয়ে ৷
ক'ভিড-19 ৰ নীতি-নিৰ্দেশনা পালন কৰি বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আয়োগৰ

আনফালে,ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেয়ে কয় যে,বিটিএডিবাসীয়ে নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে যাৰ বাবে অসম নিৰ্বাচন আয়োগে ক'ভিড-19 নীতি-নিৰ্দেশনা মানি নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ক'ভিড-19 ৰ নীতি-নিৰ্দেশনা পালন কৰি বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আয়োগৰ

আনহাতে,বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী দনেশ্বৰ গয়াৰীয়ে নিৰ্বাচন আয়োগৰ নিৰ্দেশনাক আদৰণি জনাই আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ দলে নিৰংকুশ সংখ্য়াগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী উখাপন কৰিছে ৷

লগতে পঢ়ক : চলিত বৰ্ষত শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত প্ৰাণ গ'ল তিনিজনৰ

ABOUT THE AUTHOR

...view details