অসম

assam

ETV Bharat / state

কোকৰাঝাৰত এবছুৰ কৰ্মীৰ ওপৰত আক্ৰমণত বড়োলেণ্ড ছাত্ৰ সন্থা জড়িত থকাৰ কথা অস্বীকাৰ সংগঠনটোৰ

কোকৰাঝাৰ জিলাৰ ছুবাছ পুলিত তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা এবছুৰ কৰ্মীৰ ওপৰত হোৱা আক্ৰমণ ঘটনাত বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বি এছ ইউ জড়িত থকাৰ কথা অস্বীকাৰ সংগঠনটোৰ সভাপতি ছগমছাৰ বসুমতাৰীৰ ।

কোকৰাঝাৰত এবছুৰ কৰ্মীৰ ওপৰত আক্ৰমণত বড়োলেণ্ড ছাত্ৰ সন্থা জড়িত থকাৰ কথা অস্বীকাৰ সংগঠনটোৰ

By

Published : Apr 29, 2019, 9:28 PM IST

কোকৰাঝাৰ, 29 এপ্ৰিল: কোকৰাঝাৰৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত দিনা বি পি এফৰ কৰ্মীৰ আক্ৰমণত তিনিজন এবছুৰ কৰ্মী গুৰুতৰভাৱে আহত হোৱাৰ তিনিখন বাহন ধ্বংস হয় । সোমবাৰে কোকৰাঝাৰৰ বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি ছগমছাৰ বসুমতাৰীয়ে সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদ মেলাৰ আয়োজন কৰি উক্ত ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে ৷ তেওঁ ঘটনাৰ সন্দৰ্ভত কোনো ধৰণৰ তথ্য নথকাকৈ ব্যক্তিগত শত্ৰুতাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ সম্পাদক খৰোমদাও আৰীয়ে সংগঠনটোৰ ওপৰত গোচৰ ৰুজু কৰাৰ অভিযোগ কৰে৷ বসুমতাৰীয়ে প্ৰকৃততে এবছু কৰ্মীয়ে প্ৰথমে গাড়ী ৰখাই বি পি এফ কৰ্মী বিলিফান নাৰ্জাৰীৰ ওপৰত আক্ৰমণ কৰাৰ কাৰণে ৰাইজে বি পি এফ কৰ্মী আক্ৰমণ কৰাৰ কথা উল্লেখ কৰে ।

কোকৰাঝাৰত এবছুৰ কৰ্মীৰ ওপৰত আক্ৰমণত বড়োলেণ্ড ছাত্ৰ সন্থা জড়িত থকাৰ কথা অস্বীকাৰ সংগঠনটোৰ

বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি ছগমছাৰ বসুমতাৰীয়ে শীঘ্ৰে এবছুৰ সম্পাদক খৰোমদাও আৰীৰ ওপৰত মানহানি গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ প্ৰশাসনকো ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত কৰাৰ দাবী জনায় ৷

ABOUT THE AUTHOR

...view details