কোকৰাঝাৰ, ১৩ মে': অসমৰ কোকৰাঝাৰ জিলাৰ মকৰাপাৰা গাঁৱৰ বিএছএফ জোৱান এজনে পশ্চিম বংগত কৰ্মৰত অৱস্থাত নিজৰ বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰে । নিৰেন চন্দ্ৰ ৰায় নামৰ এই জোৱানজনৰ আত্মহত্যাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কোকৰাঝাৰ অঞ্চলত ।
বহিঃৰাজ্যত জোৱানৰ আত্মহত্যা : হত্যাৰ সন্দেহ পৰিয়ালৰ - ETV BHARAT
পশ্চিম বংগত শনিবাৰে নিশা অসমৰ কোকৰাঝাৰ জিলাৰ এজন বিএছএফ জোৱানে নিজৰ বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰে । পৰিয়ালবৰ্গই হত্যাৰ সন্দেহ কৰাৰ লগতে মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ কৰে ।
বহিৰাজ্যত জোৱানৰ আত্মহত্যা : হত্যাৰ সন্দেহ পৰিয়ালৰ
বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ মৃত্যৰ খবৰ জনোৱাৰ পাছতে এইয়া হত্যা বুলিহে দাবী কৰে পৰিয়ালৰ লোকে । পৰিয়ালবৰ্গই মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ কৰাৰ লগতে পেটত গুলী লগাৰ স্পষ্ট চিন আছে বুলি দাবী কৰে । উল্লেখ্য যে, অৱসৰ ল'বলৈ কেৱল চাৰি বছৰ বাকী থকা ৰায়ৰ পৰিয়ালবৰ্গই এতিয়া তেওঁৰ পুত্ৰ প্ৰসেনজিৎ ৰায়ক চাকৰিত নিযুক্তিৰ দাবী উত্থাপন কৰিছে ।