কোকৰাঝাৰ, 31 আগষ্ট :কোচ ৰাজবংশী জনগোষ্ঠীক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৷ এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ে ৷ গোঁসাইগাঁৱত আয়োজিত এখন সংবাদমেলত এই মন্তব্য প্ৰদান কৰে উপদেষ্টা প্ৰদীপ ৰায়ে ৷
তেওঁ আৰু কয় যে, বিজেপিয়ে কেৱল নিজৰ ৰাজনীতিৰ স্বাৰ্থত সময়ে সময়ে জনজাতিকৰণ আৰু কমতাপুৰ ইছ্যুক লৈ ৰাজনীতিকৰণ কৰি আহিছে ৷ কিন্তু শাসনৰ গাদী দখল কৰাৰ পিচতো কোচ ৰাজবংশীক জনজাতিকৰণৰ বাবে একো ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ৷ যাৰবাবে আগন্তক 2021 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলিও উপদেষ্টা গৰাকীয়ে সংবাদমেলত উল্লেখ কৰিলে ৷