কোকৰাঝাৰ, ১৭ অক্টোবৰ: বিটিচি নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকাৰ মাজতে বিজেপিৰ ৰণকৌশলক লৈ অঞ্জলি দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ বিটিচি দখলৰ বাবে বিজেপিয়ে ৰচনা কৰা ৰণকৌশলক লৈ মন্তব্য কৰি দৈমাৰীয়ে কয় যে বিজেপিয়ে বড়োভূমিত বিটিচি দখল কৰাৰ বাবে যিমানে ৰণকৌশল ৰচনা কৰিলেও বিপিএফৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু বিপিএফেই চতুৰ্থবাৰৰ বাবেও বিটিচি চৰকাৰ গঠন কৰিব ৷
বিপিএফক ক্ষতি কৰিব নোৱাৰে বিজেপিয়েঃ অঞ্জলি দৈমাৰী - anjali daimari
বিটিচি নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰচনা কৰা ৰণকৌশলে বিপিএফৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি মন্তব্য অঞ্জলি দৈমাৰীৰ ৷ দৈমাৰীয়ে কয় যে বিজেপিয়ে বড়োভূমিত বিটিচি দখল কৰাৰ বাবে যিমানে ৰণকৌশল ৰচনা কৰিলেও বিপিএফৰ কোনো ক্ষতি কৰিব নোৱাৰিব ৷ কোকৰাঝাৰত এক নিৰ্বাচনী প্ৰচাৰত অংশ লৈ এই মন্তব্য কৰে অঞ্জলি দৈমাৰীয়ে ৷
বিজেপিয়ে বিপিএফক ক্ষতি কৰিব নোৱাৰে : অঞ্জলি দৈমাৰী
শনিবাৰে কোকৰাঝাৰ জিলাৰ জাইনাৰীৰ দেৱৰগাঁও পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলাৰীৰ হৈ প্ৰচাৰ চলাই অঞ্জলি দৈমাৰীয়ে এই মন্তব্য কৰে ৷ তেওঁ কয় যে 15 বছৰ ধৰি বিটিএডিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত বিপিএফৰ ভেটি মজবুত হৈ আছে ৷ এনে পৰিপ্ৰেক্ষিতত বিজেপি আহি ক্ষতি কৰিব পৰাটো অসম্ভৱ বুলি তেওঁ উল্লেখ কৰে ৷ অঞ্জলি দৈমাৰীয়ে ভাগ লোৱা নিৰ্বাচনী প্ৰচাৰৰ এই সভাত বিভিন্ন দলৰ পৰা ৫০ ৰো অধিক লোকে বিপিএফত যোগদান কৰে |
লগতে পঢ়ক:কোকৰাঝাৰত বৃহৎ পৰিমানৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ