গোসাঁইগাঁও, 29 জুলাই : বিটিচিৰ ব্যাপক উন্নয়ন সাধন হোৱাৰ সময়তে বিগত পোন্ধৰ বছৰে উন্নয়ন নহ'ল গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তথা পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অধীনস্থ দুই নম্বৰ হাতীগঁড় গাঁও ৷ গাঁওখনত আজি পৰ্যন্ত যাবলৈ নাই উপযুক্ত বাট-পথ, নাই দলং । পাগলা নদীৰ ওপৰত দলং নথকাত প্ৰতিবছৰে গাঁৱৰ ৰাইজে নিজৰ শ্ৰমেৰে বাঁহৰ দলং নিৰ্মাণ কৰি আহিছে যদিও বাৰিষা আহিলেই পানীত উটি যায় দলং ৷ ফলত এতিয়া কলৰ ভূঁৰেই একমাত্ৰ সাৰথি হৈ পৰিছে গাঁওবাসীৰ ৷ কলৰ ভূঁৰেৰেই পাৰাপাৰ হয় এক নম্বৰ হাতীগঁড়, দুই নম্বৰ হাতীগঁড়, ভদেয়াগুৰি, গাৰোকতৰা আদি কৰি পাঁচ সাতখন গাঁৱৰ ছাত্ৰ-ছাত্ৰী, ৰাইজ ৷
কলৰ ভূঁৰেৰে দৈনিক বিপদসংকুল যাত্ৰা - মডেল বিটিচি
মডেল বিটিচিৰ ভয়াৱহ দৃশ্য । যি সময়ত বিটিচিৰ উন্নয়নৰ নামত কোটি কোটি টকা খৰচ কৰি আহিছে তেনে সময়ত নদী পাৰ হ'বলৈ কলৰ ভূঁৰে একমাত্ৰ সাৰথি ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ । মৰণত শৰণ দি নিতৌ কলৰ ভূঁৰেৰে যাতায়ত ৰাইজৰ ।
কলৰ ভূঁৰৰেই দৈনিক বিপদসংকুল যাত্ৰা
বহু সময়ত কলৰ ভূঁৰ নথকাত গাঁৱৰ ৰাইজে কান্ধত তুলি ছাত্ৰ-ছাত্ৰীক পাৰ কৰে নদী ।এনেদৰেই দলঙৰ অভাৱত জীৱন মৰণক আওকাণ কৰি দৈনিক বিপদসংকুল যাত্ৰা কৰে ছাত্ৰ-ছাত্ৰীয়ে । ইপিনে দলং নথকাত গাঁও সমূহত নাযায় এম্বুলেন্স, আৰক্ষী বাহন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ফলত সাঙীত তুলি ৰোগীক নিবলগীয়া হয় হাস্পতাললৈ ৷ দীর্ঘদিন ধৰি এনেদৰেই গাঁওকেইখনৰ হাৰাশাস্তি খাই আহিছে যদিও আজিলৈ চকু পৰা নাই বিটিচি কর্তৃপক্ষ আৰু জনপ্ৰতিনিধিৰ ।