অসম

assam

ETV Bharat / state

গাড়ী-মটৰ দূৰৰ কথা, পথত খোজ দিব নোৱাৰে বাঘন গাঁও পঞ্চায়তৰ বাসিন্দাই

ৰাস্তা নিৰ্মাণৰ বাবে আৱন্টিত কোটি কোটি ধন আত্মসাৎ কৰাৰ অভিযোগ বাঘন গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধে ৷ বোকা ৰাস্তাৰে খোজ কাঢ়িবও নোৱাৰে গাঁওবাসীয়ে ৷

By

Published : Jun 11, 2019, 5:49 AM IST

etv bharat

কৰিমগঞ্জ, 11 জুন: পাথাৰকান্দি সমষ্টিৰ বাঘন গাঁও পঞ্চায়তত ৰাস্তাৰ দুৰাৱস্থা ৷ বোকা পানী গছকি নিতৌ অহা যোৱা কৰে স্থানীয় ৰাইজে ৷ গাড়ী মটৰ দূৰৰ কথা বোকা পথেৰে খোজ কাঢ়িবলৈও অসুবিধা হয় গাঁওবাসীৰ ৷ পথ নিৰ্মাণৰ বাবে বাঘন গাঁও পঞ্চায়ত এলেকালৈ MGNREGA আঁচনিৰ পৰা 4,90,86,800 টকা আৱণ্টন দিয়া হয় যদিও পথ নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা প্ৰকাশ কৰিলে স্থানীয় ৰাইজে ৷

গাড়ী-মটৰ দূৰৰ কথা, পথত খোজ দিব নোৱাৰে বাঘন গাঁও পঞ্চায়তৰ বাসিন্দাই

ইয়াৰোপৰি, পঞ্চায়ত প্ৰতিনিধি আৰু চৰকাৰী আমোলাৰ মিতিৰালিৰে পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাকৈ আৱণ্টিত ধন আত্মসাৎ কৰাৰো অভিযোগ ৰাইজৰ ৷ কেৱল ৰাস্তা ঘাটেই নহয় খোৱাপানীৰো তীব্ৰ সংকটত ভুগে গাঁওবাসীয়ে ৷ কেৱল চৰকাৰী আঁচনিৰ নামত একোখন ফলক থকাৰ বাহিৰে কোনো উন্নয়ণমূলক কাৰ্য হাতত নোলোৱাৰ অভিযোগ বাঘন গাঁৱৰ বাসিন্দাসকলৰ ৷

ABOUT THE AUTHOR

...view details