কোকৰাঝাৰ,21 জুলাই:একেগৰাকী ব্যক্তিয়ে একে সময়তে দুটাকৈ চৰকাৰী পদ চম্ভালিছে ৰাজ্যত ৷ এই ঘটনা সংঘটিত হৈছে বিটিচিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাত ৷ ঘটনাৰ বিৱৰণী অনুসৰি,লক্ষমণ চন্দ্ৰ দাস নামৰ ব্যক্তিগৰাকীয়ে কোকৰাঝাৰৰ শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপাধ্যক্ষৰ পদত কাৰ্যনিৰ্বাহ কৰি আছিল ৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ দিনত দাসে বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ "Officer on Special Duty" (OSD) আৰু সৰ্বশিক্ষা অভিযানৰ অধীনষ্ঠ কোকৰাঝাৰৰ জিলা অভিযান সমন্বয়কৰ কাৰ্যালয়ত জিলা অনুষ্ঠান পৰিচালক(টিটি) হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল ৷ দাসৰ চাকৰিৰ ম্যাদ আছিল ৭ জুন 2020 লৈকে ৷ কিন্তু সম্প্ৰতি বিটিচিত ৰাজ্যপালৰ শাসন চলি থকাৰ অচিলাৰে জ্যেষ্ঠ বিষয়াক ধমক প্ৰদান কৰি নীতি বহিৰ্ভূতভাৱে আজিকোপতি কাৰ্যনিৰ্বাহ কৰি আছে বিষয়াগৰাকীয়ে ৷ অৰ্থাৎ বিষয়াগৰাকীয়ে একে সময়তে চম্ভালি আছে দুটাকৈ পদ ৷
কৰ্ম দক্ষতা? একে সময়তে দুটাকৈ পদ চম্ভালিছে এগৰাকী চৰকাৰী বিষয়াই - সৰ্বশিক্ষা অভিযান
চাকৰিৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতো দুটাকৈ পদত অধিষ্ঠিত হৈ কাৰ্যনিৰ্বাহ কৰিছে কোকৰাঝাৰৰ এগৰাকী বিষয়াই ৷ সম্প্ৰতি বিটিচিত ৰাজ্যপালৰ শাসন চলি থকাৰ অচিলাৰে জ্যেষ্ঠ বিষয়াক ধমক প্ৰদান কৰি নীতি বহিৰ্ভূতভাৱে আজিকোপতি কাৰ্যনিৰ্বাহ কৰি আছে বিষয়াগৰাকীয়ে ৷
আনহাতে,লক্ষমণ চন্দ্ৰ দাস নামৰ ব্যক্তিগৰাকীয়ে ডিএমচি বিষয়া বিজয় বৈষ্ণৱক ধমকি দিয়াৰো অভিযোগ উত্থাপিত হৈছে । প্ৰকৃততে দাসে এখন শিক্ষানুষ্ঠানৰ উপাধ্যক্ষ হিচাপেহে কাৰ্যনিৰ্বাহ কৰিব লাগিছিল । কিন্তু ইয়াৰ বিপৰীতে অবৈধভাৱে দুটাকৈ পদত চাকৰি কৰি দুগুণ ধন উপাৰ্জনৰ অভিসন্ধি ৰচনা কৰিছিল । তথ্য অনুসৰি,বিটিচিৰ শিক্ষা বিভাগৰ লগত জড়িত বিভিন্ন শিক্ষানুষ্ঠানলৈ সামগ্ৰী যোগানৰ লগত জড়িত আছে ব্যক্তিগৰাকী । ইতিমধ্যে দাসৰ বিৰুদ্ধে সৰ্বশিক্ষা মিছন অভিযানৰ মুখ্য সঞ্চালকলৈ এক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে জিলা অভিযান সমন্বয়ক বিষয়াই ৷ বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালকে এইক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত উচিত তদন্তৰ আশ্বাস প্ৰদান কৰিছে ৷
লগতে চাওকঃশীঘ্ৰেই মুক্ত আকাশৰ তললৈ আহিব অখিল গগৈ !