অসম

assam

ETV Bharat / state

বড়ো মেধাৱী ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰিব এবছুৱে - বঁটা প্ৰদান

নিখিল বড়ো ছাত্ৰ সন্থাই ২০০৭ চনৰ পৰা ২০২০ চনলৈ "মিছন কোৱালিটি" ঘোষণা কৰি বৰ্তমানলৈ শিক্ষা তথা ছাত্ৰ-ছাত্ৰীৰ মনোবল বৃদ্ধি কৰাত আত্মনিয়োগ কৰি আহিছে ৷

বড়ো মেধাবী ছাত্ৰ ছাত্ৰীক এবছুৰ কমল কুমাৰ ব্ৰহ্ম দেৰ হাছাৎ বঁটা প্ৰদান

By

Published : May 16, 2019, 10:43 PM IST

কোকৰাঝাৰ ১৬ মেঃ কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছত বৃহস্পতিবাৰে আহ্বান কৰা এক সংবাদমেলত এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰী আৰু সহকাৰী শিক্ষা সম্পাদক অবিত নাৰ্জাৰীয়ে জনায় যে বড়ো মাধ্যমত অধ্যয়ন কৰি ছেবাৰ দ্বাৰা পৰিচালিত মেট্ৰিক পৰীক্ষাত বড়ো মাধ্যমৰ পৰা প্ৰথম দহটা স্থানপ্ৰাপ্ত কৃতী ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰিব এবছুৱে ৷

বড়ো মেধাবী ছাত্ৰ ছাত্ৰীক এবছুৰ কমল কুমাৰ ব্ৰহ্ম দেৰ হাছাৎ বঁটা প্ৰদান

ছাত্ৰ নেতাদ্বয়ে দিয়া তথ্যমতে ২০০৬ চনৰ পৰা প্ৰতি বছৰে বড়ো মাধ্যমৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম দহটা স্থানপ্ৰাপ্ত বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীলৈ "কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বান্থা" ৰাজ্যজুৰি প্ৰদান কৰি অহা হৈছে ৷ চলিত বৰ্ষৰ চতুৰ্দশ কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বান্থা প্ৰদান কাৰ্যসূচী ২২মে'ত ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ বডোফা পথাৰত আয়োজন কৰা বুলি প্ৰকাশ কৰে ৷

উল্লেখ্য যে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুই ২০০৬ বৰ্ষক শিক্ষা বৰ্ষ হিচাপে লৈ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰগতিৰ বাবে বিভিন্ন ধৰণৰ কাম-কাজ কৰি আহিছে৷ সংগঠনটোৱে ২০০৭ চনৰ পৰা ২০২০ চনলৈ "মিছন কোৱালিটি" ঘোষণা কৰি বৰ্তমানলৈ শিক্ষা তথা ছাত্ৰ-ছাত্ৰীৰ মনোবল বৃদ্ধি কৰাত আত্মনিয়োগ কৰি আহিছে ৷ বিশেষকৈ বড়ো মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰা আৰু অনুপ্ৰাণিত কৰাৰ সমান্তৰালকৈ গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰটো গুৰুত্ব আৰোপ কৰিছে ৷

ABOUT THE AUTHOR

...view details