অসম

assam

By

Published : Dec 28, 2022, 3:51 PM IST

ETV Bharat / state

Constituency Delimitation in Assam : নতুন সমষ্টি জনপ্ৰিয়-ইতিহাসপ্ৰসিদ্ধ ঠাইৰ নামেৰে নামাকৰণ হ’ব: বিশ্বজিৎ দৈমাৰী

মঙলবাৰে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ বিৰোধীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আসোঁৱাহৰ মাজৰে আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ বিপৰীতে শাসকীয় পক্ষই ইয়াৰ জৰিয়তে হ’ব পৰা লাভালাভৰ কথা প্ৰকাশ কৰিছে ৷ বুধবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত (Assam Assembly Speaker on Constituency Delimitation)৷

Constituency Delimitation in Assam
সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত বিশ্বজিৎ দৈমাৰী আৰু লৰেঞ্চ ইছলাৰীৰ মন্তব্য

সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত বিশ্বজিৎ দৈমাৰী আৰু লৰেঞ্চ ইছলাৰীৰ মন্তব্য

কোকৰাঝাৰ, ২৮ ডিচেম্বৰ : সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বুধবাৰে কোকৰাঝাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কোকৰাঝাৰত সাংবাদিকৰ আগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণে অসমত সমষ্টিৰ সংখ্যা বৃদ্ধি নকৰে (Assam Assembly Speaker on Constituency Delimitation)।

ৰাজ্যত ১২৬ টা বিধানসভা সমষ্টিয়ে থাকিব আৰু ইয়াৰে কিছুমান সমষ্টিৰ নাম একেই থাকিব যদিও আন কিছুমান সমষ্টিৰ নাম বিলুপ্ত হ'ব ৷ প্ৰশাসনিক জিলাৰ ভিতৰতে সমষ্টি গঠন কৰা হ'ব বুলি মন্তব্য কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে নতুন সমষ্টিৰ নাম জনপ্ৰিয় ঠাই অথবা ইতিহাসপ্ৰসিদ্ধ স্থানৰ নামেৰে নামাকৰণ কৰা হ'ব ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত নতুন জিলা গঠন নহয় আৰু আন জিলাৰ সতে সংযোগো নহ'ব বুলি উল্লেখ কৰে বিশ্বজিৎ দৈমাৰীয়ে (Speaker Biswajit Daimary)৷

জিলাৰ ভিতৰতে সমষ্টিবোৰ সম্পূৰ্ণ হ'ব লাগিব বুলি মন্তব্য কৰি অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনগাঁথনি অনুসৰি সমষ্টিসমূহ সংৰক্ষণ কৰা হ'ব (Reservation in Constituency Delimitation Assam) ৷ আনহাতে বিটিআৰত পূৰ্বতে মূল ১২ টা সমষ্টিৰ উপৰিও আন আৰু বহু সমষ্টি আংশিকভাৱে সোমাই আছিল যদিও এতিয়া জনসংখ্যা অনুপাতে বিটিআৰ এলেকাত ১৪ টা সমষ্টি হ'ব বুলি মন্তব্য কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷

ইপিনে কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে(MLA Lawrence Islary) সমষ্টি পুনৰ নিৰ্ধাৰণ কাৰ্যক আদৰণি জনাইছে । এখন প্ৰশাসনিক জিলাৰ ভিতৰতে কেবাটাও সমষ্টি থকাত কাম কৰাত অসুবিধাৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত অসুবিধাসমুহ দূৰ হ'ব আৰু উন্নয়নমুলক কাম-কাজ কৰাৰ ক্ষেত্ৰত সুবিধা হ’ব বুলি মন্তব্য কৰিছে ।

আনহাতে কোকৰাঝাৰ বিধানসভাত চাৰিটা সমষ্টি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি কোকৰাঝাৰ পূব আৰু পশ্চিম সমষ্টি দুটা অনুসূচিত জনজাতিৰ বাবেই সংৰক্ষিত হৈ থকাৰ সম্ভাৱনা আছে বুলি মত ব্যক্ত কৰে । তদুপৰি ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিটো অনুসূচিত জনজাতিৰ বাবেই সংৰক্ষিত হৈ থাকিব বুলি আশা প্ৰকাশ কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ৷

উল্লেখ্য যে, 27 ডিচেম্বৰত ভাৰতৰ নিৰ্বাচন আয়োগে এক অধিসূচনাৰ জৰিয়তে অসমত সমষ্টি পুনৰ নিৰ্ধাৰনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ 2001 চনৰ লোকপিয়লৰ ভিত্তিত পুনৰ নিৰ্ধাৰণ কৰা হ’ব সমষ্টিৰ ৷ 2023ৰ 1 জানুৱাৰীৰ পাছত অসমক কোনোধৰণ নতুন প্ৰশাসিক গোট সৃষ্টি কৰাতো নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচন আয়োগে (Election Commission of India) ৷

লগতে পঢ়ক:Constituency Delimitation in Assam : 20 বছৰ পুৰণি তথ্যৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ অযুক্তিকৰ: দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details