অসম

assam

ETV Bharat / state

জনজাতিৰ স্বীকৃতি-মাটিৰ পট্টা কেতিয়ালৈ পাব আদিবাসীয়ে ? - আদিবাসী

আদিবাসীসকলক জনজাতিৰ স্বীকৃতি প্ৰদান আৰু মাটিৰ পট্টা প্ৰদানৰ দাবী ৷ আদিবাসী সংগঠনৰ বিশাল ধৰ্ণা কাৰ্যসূচীত উত্তাল কোকৰাঝাৰ ৷ নিৰ্বাচনৰ পূৰ্বে আদিবাসীৰ সমস্যা সমাধান নকৰিলে উচিত প্ৰত্যুত্তৰ দিয়া হ’ব ৷

adivasi organisation protest
জনজাতিৰ স্বীকৃতি প্ৰদান আৰু মাটিৰ পট্টা প্ৰদানৰ দাবী

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 8:05 PM IST

আদিবাসীৰ সমস্যা সমাধানৰ দাবী

কোকৰাঝাৰ, ৩০ নৱেম্বৰ :আদিবাসীসকলক জনজাতিৰ স্বীকৃতি প্ৰদান আৰু মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীত বৃহস্পতিবাৰে কোকৰাঝাৰত বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ Indigenous people & land right protection সমিতিৰ উদ্যোগত আৰু আছা, এ এছ এছ ইউ, এ কে এছ ইউ জে এছ বি আদি আদিবাসী সংগঠনসমূহৰ সহযোগত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত ৰূপায়ণ কৰা হয় এই তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী । তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আদিবাসীসকলৰ সমস্যাসমূহ সমাধানৰ দাবীত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে ।

অসমৰ খিলঞ্জীয়া আদিবাসীসকলক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা, বন অধিকাৰ আইন ২০০৬ অনুসৰি আদিবাসীসকলক মাটিৰ পট্টা প্ৰদান কৰা আৰু আদিবাসীসকলক চাহ জনজাতিৰ স্বীকৃতিৰ সলনি চাওতাল বুলি স্বীকৃতি দি জাতিগত প্ৰমান পত্ৰ দিয়াৰ দাবীত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত সহস্ৰাধিক আদিবাসী লোকে হাতে-হাতে বেনাৰ-ফেষ্টুন লৈ অংশগ্ৰহণ কৰি বিজেপি গ’ বেক, আমাক ন্যায় লাগে আদি ইত্যাদি শ্ল’গানেৰে কোকৰাঝাৰ সদৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে ।

ইপিনে ধৰ্ণা কাৰ্যসূচীৰ অন্তত সন্থাৰ সভাপতি পল টুডু, সম্পাদক ললিত হেমব্ৰম আৰু আদিবাসী নেতা বয়েল হেমব্ৰমে কয় যে, নিৰ্বাচনৰ পূৰ্বে ৮০ শতাংশ আদিবাসীয়ে মাটিৰ পট্টা নাপালে ৷ গতিকে অনাগত নিৰ্বাচনত উচিত শিক্ষা দিয়া হ’ব । তেওঁ লগতে উল্লেখ কৰে যে, বন অধিকাৰ আইনৰ পৰা আদিবাসীক বঞ্চিত কৰা হৈছে ৷ বিটিআৰত থকা আদিবাসীসকলক মাটিৰ পট্টা দিয়া হোৱা নাই অথচ আন জনজাতিক বন অধিকাৰ আইনৰ অধীনত মাটিৰ পট্টা দি থকাৰ কথাটো লক্ষ্য কৰি থকা হৈছে ৷

প্ৰকৃততে আদিবাসীক মাটিৰ পট্টা দিয়া হৈছে বুলি ভুৱা অপপ্ৰচাৰ চলোৱা হৈছে । প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত চৰকাৰে বহু প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হয় বুলি আদিবাসী নেতাসকলে ক্ষোভ প্ৰকাশ কৰে ৷ নিৰ্বাচনৰ পূৰ্বে বিটিআৰ চৰকাৰে মাত্ৰ ৮০৮ টা পৰিয়ালক মাটিৰ পট্টা দিব বিচাৰিছে বুলি উল্লেখ কৰি পল টুডুৱে অকল ৮০৮ টা আদিবাসী পৰিয়ালহে আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে । নিৰ্বাচনৰ পূৰ্বে আদিবাসীৰ সমস্যা সমাধান নকৰিলে অনাগত নিৰ্বাচনত আদিবাসী জনতাই ভোট বৰ্জন তথা বিশেষ ৰাজনৈতিক দলক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক :অনুসূচীত জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবীত চচলত ভৈয়াম কাৰ্বি সংগঠনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details