অসম

assam

ETV Bharat / state

অসমীয়া ভাষাৰ বিৰোধিতা নিখিল বড়ো ছাত্ৰ সন্থাৰ - এবছুৰ সাধাৰণ সম্পাদক খৌৰৌমদাও ৱাৰী

এইবাৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামুলক কৰাক লৈ আপত্তি দৰ্শালে নিখিল বড়ো ছাত্ৰ সন্থাই ৷ মঙলবাৰে কোকৰাঝাৰত এক সংবাদমেল আয়োজন কৰি এই দাবী কৰে এবছুই ৷

অসমীয়া ভাষাৰ বিৰোধিতা নিখিল বড়ো ছাত্ৰ সন্থাৰ
অসমীয়া ভাষাৰ বিৰোধিতা নিখিল বড়ো ছাত্ৰ সন্থাৰ

By

Published : Jun 9, 2020, 10:20 PM IST

কোকৰাঝাৰ, 9 জুন : বিদ্যালয়ত অসমীয়া বিষয় বাধ্যতামূলক কৰাৰ বিৰোধিতা কৰি কোকৰাঝাৰত সংবাদমেল সম্বোধন কৰে নিখিল বড়ো ছাত্ৰ সন্থাই ৷ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিচতে সম্বোধন কৰা সংবাদমেলত কৰা ঘোষণাক মুকলিকৈ বিৰোধিতা কৰিছে এবছুৱে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে অসমীয়া ভাষা ৰাজ্যৰ প্ৰতিখন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰা হ'ব বুলি ঘোষণা কৰিছিল যাৰ বিৰুদ্ধে এইদৰে তীব্ৰ বিৰোধিতা কৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুই ৷

ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সাধাৰণ সম্পাদক খৌৰৌমদাও ৱাৰীয়ে কয় যে, এটা সুকীয়া মাধ্যমত আন এটা ভাষা জাপি দিয়া কাৰ্য অতিকে দুৰ্ভাগ্যজনক । বড়োমাধ্যম আৰু আন মাধ্যমৰ কথা চিন্তা নকৰি চৰকাৰে এনেকৈ একপক্ষীয় পদক্ষেপ লোৱাটো ৰাজ্যৰ আন মাধ্যমৰ বাবে এক বৃহৎ ক্ষতি । বড়ো মাধ্যমৰ বিদ্যালয়ক শিক্ষাবিভাগে মাহী আইৰ দৃষ্টিৰে চোৱা বুলিও অভিযোগ আনে সংগঠনটোৱে । এবছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে বড়ো মাধ্যমৰ বিদ্যালয়ত অসমীয়া বিষয় বাধ্যতামূলক নকৰিবলৈ দাবী জনায় শিক্ষামন্ত্ৰীক ৷

অসমীয়া ভাষাৰ বিৰোধিতা নিখিল বড়ো ছাত্ৰ সন্থাৰ

বড়ো মাধ্যমৰ বিদ্যালয়সমূহে বৰ্তমান এই পৰ্যায় কেৱল বড়ো ভাষা আন্দোলনৰ জৰিয়তে উপনীত হৈছে বুলি সংবাদমাধ্যমত সদৰী কৰে ৰাজ্যৰ অন্যতম শক্তিশালী ছাত্ৰ সংগঠনটোৱে । ইয়াৰ উপৰিও বড়ো মাধ্যমৰ বিদ্যালয়ত শীঘ্ৰে শিক্ষক নিযুক্তি আৰু সময়মতে পাঠ্যপুথি যোগান ধৰিবৰ বাবেও শিক্ষামন্ত্ৰীক দাবী জনায় খৌৰৌমদাও ৱাৰীয়ে ।

লগতে পঢ়কঃইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত বিশিষ্ট উদ্ভাৱক চোনম ৱাংচুক

ABOUT THE AUTHOR

...view details