কোকৰাঝাৰ, 4 জুলাইঃ লাফিকুল ইছলামৰ হত্যাকাৰীক বিচাৰি উলিওৱাত চিবি আই ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি কোকৰাঝাৰত বৃহস্পতিবাৰে এবিএমছুৱে পালন কৰে ধৰ্ণা কাৰ্যসূচী ৷ উল্লেখ্য যে 2017 চনৰ এক আগষ্টত কোকৰাঝাৰৰ টিতাগুৰিত দুৰ্বৃত্তই দিন দুপৰতে গুলীয়াই হত্যা কৰিছিল এবিএমছুৰ সভাপতি লাফিকুল ইছলামক ৷ এবিএমছুৰ সভাপতি গৰাকীৰ হত্যা কাণ্ডৰ অহা ১ আগষ্টত দুবছৰ পূৰ্ণ হ'ব যদিও আজিলৈকে হত্যাকাৰীৰ সন্ধান নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে এবিএমছুৱে ।
লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত কোকৰাঝাৰত এবিএমছুৰ ধৰ্ণা - এবিএমছু
2017 চনৰ এক আগষ্টত কোকৰাঝাৰৰ টিতাগুৰিত দুৰ্বৃত্তই দিন দুপৰতে গুলীয়াই হত্যা কৰিছিল এবিএমছুৰ সভাপতি লাফিকুল ইছলামক
কোকৰাঝাৰত এবিএমছুৰ ধৰ্ণা
আনহাতে লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত কৰি শাস্তি দিয়া,ডি ভোটাৰৰ সমস্যা সমাধান কৰা আদিকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে এবিএমছুৱে কোকৰাঝাৰ শিশু উদ্যানত ৰাতিপুৱা ১১বজাৰ পৰা দিনৰ ১ বজালৈ ২ঘন্টা ধৰ্ণা দিয়ে। শতাধিক এবিএমছু কৰ্মীয়ে হাতে হাতে বেনাৰ,ফেষ্টুন লৈ অসম চৰকাৰ হায় হায় আদি শ্লোগান দিয়ে