অসম

assam

ETV Bharat / state

কোকৰাঝাৰত আমছুৰ নাগৰিক সভা - aamsu meeting at kokrajhar

কোকৰাঝাৰত শনিবাৰে আমছুয়ে অনুষ্ঠিত কৰে নাগৰিক সভা ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখল ওপৰত ৰায়দানকলৈ শংকিত হৈ পৰা অজনজাতি লোকসকলৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় নাগৰিক সভা ৷

কোকৰাঝাৰ
কোকৰাঝাৰত আমছুৰ নাগৰিক সভা

By

Published : Jan 18, 2020, 8:36 PM IST

কোকৰাঝাৰ, 18 জানুৱাৰীঃ শনিবাৰে কোকৰাঝাৰ চহৰত আমছু অৰ্থাৎ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই আয়োজন কৰে নাগৰিক সভা ৷ সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখল ওপৰত ৰায়দানকলৈ যুগ যুগান্তৰৰ পৰা বসবাস কৰা অজনজাতি লোকসকল শংকিত হৈ পৰা সন্দৰ্ভত আলোচনা কৰে সভাত ৷ আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে কয়, "ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখলৰ ওপৰত অজনজাতি লোকক উচ্ছেদৰ বাবে নিৰ্দেশনাকলৈ আমছুই অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ সৈতে শীঘ্ৰে আলোচনাত বহিব ৷

কোকৰাঝাৰত আমছুৰ নাগৰিক সভা

আনহাতে, আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে কয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ বিটিএডিত বিষেককৈ কোনো জাতি-জনগোষ্ঠীৰ মাজত বড়ো-অনাবড়ো, জনজাতি-অজনজাতি বুলি ভূল বুজাবুজিৰ সৃষ্টি নহয় আৰু কোনো যাতে ৰাজনীতি নকৰে ৷ শান্তি মিলাপ্ৰীতিক লৈ আমছুৱে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ৷

কোকৰাঝাৰত আমছুৰ নাগৰিক সভা

উল্লেখ্য যে, বিগত ৯ ডিচেম্বৰ ২০১৯ ত গুৱাহাটী উচ্চ ন্যায়ালয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখল কৰি থকা অজনজাতি লোকসকলক উচ্ছেদৰ বাবে সংশ্লিষ্ট জিলাৰ উপায়ুক্তক নিৰ্দেশনা পিছতে আতংকিত হৈ পৰে অজনজাতি লোকসকল ।

আৰু পঢ়কঃ ধাৰাপুৰত 'গণ হুংকাৰ' কাৰ্যসূচী

ABOUT THE AUTHOR

...view details