কোকৰাঝাৰ, 27 অক্টোবৰ:কোকৰাঝাৰ চহৰৰ ভবাণিপুৰৰ নিবাসী স্বতীশ দেৱনাথ নামৰ ৮০ বছৰীয়া বৃদ্ধগৰাকী ২১ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ উল্লেখ্য যে পুত্ৰ সপোন দেৱনাথে জনোৱা মতে পিতৃ স্বতীশ দেৱনাথে যোৱা ২১ অক্টোবৰৰ দুপৰীয়া ১২ বজাত গৰু এৰাল দিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই ৰহস্যজনক ভাবে নিৰুদ্দেশ হৈ পৰে |
গৰু এৰাল দিবলৈ গৈ ৮০ বছৰীয়া বৃদ্ধ নিৰুদ্দেশ - 9954976613
কোকৰাঝাৰত এজন ৮০ বছৰীয়া বৃদ্ধ নিৰুদ্দেশক লৈ চাঞ্চল্য ৷ গৰু এৰাল দিবলৈ গৈ নিৰুদ্দেশ ৮০ বছৰীয়া স্বতীশ দেৱনাথ ৷
গৰু এৰাল দিবলৈ ঘৰৰ পৰা ওলাই যোৱা ৮০ বছৰীয়া বৃদ্ধ নিৰুদ্দেশ
পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিছে যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত কোকৰাঝাৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে |অদ্যাপি আৰক্ষীয়ে স্বতীশ দেৱনাথৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই | কোনো লোকে বৃদ্ধগৰাকীৰ সম্ভেদ লাভ কৰিলে পৰিয়ালৰ লোকে অনুগ্ৰহ কৰি 9954976613, 6003090922 নম্বৰত যোগ যোগ কৰিবলৈ অনুৰোধ জনাইছে |
লগতে পঢ়ক:মিঞা সংগ্ৰহালয় সন্দৰ্ভত কি ক'লে লুৰীণজ্যোতি গগৈয়ে ?