অসম

assam

By

Published : Aug 3, 2021, 10:48 PM IST

ETV Bharat / state

শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ মাজতো একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে নিচাজাতীয় সামগ্ৰীৰ গোপন বেহা ৷ মঙলবাৰে পুৱতি নিশা অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা ৷

a-huge-amount-of-ganja-seized-at-srirampur
অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ

কোকৰাঝাৰ, 3 আগষ্ট : ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ কিন্তু ইয়াৰ মাজতো একাংশ দুষ্ট লোকে অব্যাহত ৰাখিছে ড্ৰাগছৰ লগতে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা ৷ ইয়াৰ মাজতে মঙলবাৰে পুৱতি নিশা কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ 31 (গ) নং ৰাষ্ট্ৰীয় ঘাইপথত কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় কোটি টকা মূল্যৰ গাঞ্জা ৷

লগতে পঢ়কঃমাত্ৰ এটা মাহত যোৰহাটত আবকাৰী বিভাগে নষ্ট কৰিলে ১৬৩৫ লি: দেশীয় সুৰা

ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তো ৰাজ্যত একাংশ দুষ্টচক্ৰই এনেদৰেই চলাই গৈছে নিচাজাতীয় সামগ্ৰীৰ গোপন বেহা ৷ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অসমৰ পৰা পশ্চিমবংগৰ কলকাতা অভিমুখী PB08 DS 6178 নম্বৰৰ এখন কণ্টেনাৰ ট্ৰাকত তালাচী চলাই গাঞ্জাখিনি জব্দ কৰে আৰক্ষীয়ে ৷

অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ

ইয়াৰ পাছতে গাঞ্জাসহ ট্ৰাকখন জব্দ কৰাৰ লগতে গাঞ্জা সৰবৰাহৰ সতে জড়িত থকা দুজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে ৷ ধৃত ব্যক্তি দুজন পশ্চিমবংগৰ হুগলী জিলাৰ তাপস অধিকাৰী (23) আৰু প্ৰীতম সিং (24) বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে বিয়লি এখন সংবাদমেল সম্বোধন কৰে আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই ৷

সংবাদমেলত আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই কয় যে, এক বিশেষ সূত্ৰৰ পম খেদি গুৱাহাটী দিশৰ পৰা পশ্চিমবংগৰ কলকাতা অভিমুখী এখন ট্ৰাকত পুৱতি নিশা প্ৰায় চাৰিমান বজাত আৰক্ষীয়ে তালাচী অভিযান চলায় ৷ আৰক্ষীক দেখা মাত্ৰকে চালকগৰাকী পলাই যায় যদিও চালকৰ সৈতে থকা আন দুগৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়কঃFacebook-ত পুলিচৰ সৈতে চিনাকি হৈ ক’ত গ’ল দুই সন্তানৰ মাতৃ জানমণি ?

উল্লেখ্য যে, সৰ্বমুঠ 61 টা পেকেটত থকা গাঞ্জাখিনিৰ ওজন 622 কেজি আৰু ইয়াৰ বজাৰ মুল্য এক কোটিৰো অধিক হ'ব বুলি সদৰি কৰিছে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ চালকৰ পিছফালে গোপন চেম্বাৰ বনাই এই গাঞ্জাখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে ৷

গাঞ্জা সৰবৰাহকাৰী চক্ৰৰ সতে জড়িত সকলোকে আৰক্ষীয়ে তদন্তমৰ্মে কৰায়ত্ব কৰিব বুলি মন্তব্য কৰিছে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ ড্ৰাগছবিৰোধী অভিযানত ইতিপূৰ্বে বৃহৎ পৰিমাণৰ অপিয়াম, হেৰ'ইন জব্দ কৰাৰ পাছত মঙলবাৰে তৃতীয়বাৰৰ বাবে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই ৷

লগতে পঢ়কঃচৰাইদেউত বুজন পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details