অসম

assam

উচ্ছেদৰ জাননীক লৈ বড়োভূমিত 8 সংগঠনৰ সংবাদমেল

By

Published : Feb 3, 2021, 10:19 PM IST

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ৰায়দানৰ ভিত্তিত ট্ৰাইবেল বেল্ট এণ্ড ব্ল’ক এলেকাত বিটিআৰ প্ৰশাসনে জাৰি কৰা উচ্ছেদৰ জাননীক লৈ পৰিষদীয় অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ যাক লৈ বড়োভূমিত বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

8-organisation-press-meet-at-kokrajhar
উচ্ছেদৰ জাননীক লৈ বড়োভূমিত 8 সংগঠনৰ সংবাদমেল

কোকৰাঝাৰ, 3 ফেব্ৰুৱাৰী :গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ৰায়দানৰ ভিত্তিত ট্ৰাইবেল বেল্ট এণ্ড ব্ল’ক এলেকাত বিটিআৰ প্ৰশাসনে জাৰি কৰা উচ্ছেদৰ জাননীক লৈ পৰিষদীয় অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই বিটিআৰ অঞ্চলত উচ্ছেদৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিছে যদিও মুখ্য কাৰ্যবাহী গৰাকীৰ কথাত আশ্বস্ত হোৱা নাই বিটিআৰৰ বিভিন্ন দল-সংগঠন ৷ ইয়াৰ বিপৰীতে বিটিআৰ প্ৰশাসনৰ এই বিৰ্তকিত জাননীৰ বিৰুদ্ধে শেহতীয়াকৈ বড়োভূমিৰ বিভিন্ন দল-সংগঠন সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ৷

উচ্ছেদৰ জাননীক লৈ বড়োভূমিত 8 সংগঠনৰ সংবাদমেল

উল্লেখ্য যে, বুুধবাৰে বিটিআৰৰ 8 টাকৈ জাতীয় সংগঠন ক্ৰমে, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু) , সদৌ আদিবাসী ছাত্ৰ সন্থা (আছা), সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা (এ এ এন ৱাই এছ ইউ), অখিল হিন্দীভাষী বিকাশ পৰিষদ, সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু), আমছু, সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম বেংগলী যুৱ ছাত্ৰ পৰিষদৰ বিটিআৰ ক্ষেত্ৰীয় সমিতিয়ে কোকৰাঝাৰ প্ৰেছ ক্লাৱত যৌথভাৱে এক সংবাদমেলৰ আয়োজন কৰি উক্ত বিতৰ্কিত উচ্ছেদৰ জাননীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভ প্ৰকাশ কৰে ।

উচ্ছেদৰ জাননীক লৈ বড়োভূমিত 8 সংগঠনৰ সংবাদমেল

লগতে পঢ়ক :মাজুলীত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান

সংবাদমেলত উপস্থিত থকা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথে এটা পৰিয়ালো যদি উচ্ছেদ হ'ব লগা হয়, তেনেহলে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি সকিয়নি দি এসপ্তাহৰ ভিতৰতে চৰকাৰক স্থিতি স্পষ্ট কৰাৰ লগতে বিষয়টোক লৈ সকলো দল-সংগঠনৰ সতে বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনায় ৷ ইফালে, বিটিআৰ চুক্তিৰ 7.2 নং দফাৰ ওপৰত পূৰ্বৰে পৰা শংকা আছিল বুলি মন্তব্য কৰি যিসকল অবৈধ বেদখলকাৰী আছে সেয়া দেখুৱাই দিয়ক বুলি প্ৰত্যাহান জনাই অৰবিন্দ নাথে কয় যে, যুগ যুগ ধৰি জৰীপ নোহোৱাকৈ থকা এই অঞ্চলত অবৈধ বেদখলকাৰীক কেনেদৰে চিনাক্ত কৰিব বুলি প্ৰশ্ন উত্থাপন কৰিছে । জাতি-মাটি, ভেঁটিৰ শ্ল'গান দিয়া ৰাজ্যৰ বিজেপি চৰকাৰকো তীব্ৰ ভাষাৰে সমালোচনা কৰি অৰবিন্দ নাথে কয় যে, তেওঁলোকে এফালে ভূমিপট্টা দিব আৰু আনফালে উচ্ছেদ কৰিব ।

উচ্ছেদৰ জাননীক লৈ বড়োভূমিত 8 সংগঠনৰ সংবাদমেল

লগতে পঢ়ক :শৌচালয়ৰ ভিতৰত আৱদ্ধ ঢেকীয়াপতীয়া আৰু কুকুৰ

ইপিনে, সংবাদমেলত উপস্থিত থকা আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই কয় যে, বিটিআৰ চুক্তি শান্তিৰ চুক্তি নহয় বৰং বিটিআৰ চুক্তি হ'ল অশান্তিৰ চুক্তি । কোনো দল-সংগঠনৰ সতে আলোচনা নকৰাকৈ সম্পন্ন হোৱা বিটিআৰ চুক্তিক লৈ পূৰ্বৰে পৰা শংকা আছিল বুলি মন্তব্য কৰি আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই বিটিআৰ চুক্তিৰ পিচত বিভিন্ন জাতি-জনগোষ্ঠীৰ ওপৰত দমনমুলক কাৰ্য আৰম্ভ হ'ব বুলি কৰা সন্দেহ এতিয়া বাস্তৱত প্ৰতিফলিত হৈছে আৰু তাৰেই পৰিণতিত উচ্ছেদৰ পৰিকল্পনা কৰিছে । মাটি আৰু ভেঁটি নাথাকিলে জাতি বাচিব কেনেকৈ বুলি প্ৰশ্ন উত্থাপনেৰে ষ্টিফেন লাক্ৰাই উচ্ছেদ আৰম্ভ হ'লে ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে ।

সংগঠনটোৰ প্ৰতিনিধিৰ মন্তব্য

লগতে পঢ়ক :প্ৰকৃতি প্ৰেমীয়ে উদ্ধাৰ কৰিলে ৰোগাক্ৰান্ত বৰটোকোলা

সংবাদমেলত উপস্থিত থকা আক্ৰাছুৰ সহ সাধাৰণ সম্পাদক কংকন ৰায়ে উচ্ছেদৰ বিৰোধিতা কৰি সকলো দল-সংগঠনৰ সতে চৰকাৰে এক বৈঠকত মিলিত হোৱা উচিত বুলি মন্তব্য কৰিছে । একেদৰে, সংবাদমেলত উপস্থিত থকা আমছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইন আৰু সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মণ্টু দেই বিটিআৰ প্ৰশাসনৰ উচ্ছেদৰ জাননীক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু উচ্ছেদ কাৰ্য আৰম্ভ হ'লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুুুুলি হুংকাৰ প্ৰদান কৰে ৷

উল্লেখ্য যে, সংবাদমেলত এবিএমছুৰ জিলা সভাপতি নজৰুল ইছলাম, অখিল হিন্দীভাষী বিকাশ পৰিষদৰ সভাপতি সঞ্জয় তিৱাৰী, সদৌ অসম বেংগলী যুৱ ছাত্ৰ পৰিষদৰ বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি ৰাজীৱ সৰকাৰকে ধৰি 8 টা সংগঠনৰ কেইবাগৰাকীও নেতৃবৃন্দ উপস্থিত থাকে ৷

লগতে পঢ়ক :দিল্লীৰ কাৰাগাৰত আৱদ্ধ ১১৫ গৰাকী কৃষক: কেজৰিৱাল

ABOUT THE AUTHOR

...view details