কোকৰাঝাৰ,05 এপ্ৰিলঃ মূলসূতিলৈ উভতি অহা এন ডি এফ বি সদস্যৰ সক্ৰিয় ৰাজনীতিত যোগদান ৷ বি বিদায় গোটৰ ম্যানমাৰত প্ৰশিক্ষিত এন ডি এফ বি ( এচ)ৰ আত্মসমৰ্পনকাৰী সদস্য কেইজনে কোকৰাঝাৰৰ কেন্দ্ৰীয় বি পি এফৰ কাৰ্যালয়ত বৃহস্পতিবাৰে নিশা বি পি এফ দলত যোগদান কৰে ৷
ৰাজনীতিৰ ক্ষেত্ৰখনলৈ এন ডি এফ বি(এচ)ৰ চাৰি সদস্য - 4 surrendered NDFB ( S) member joined BPF
আত্মসমৰ্পনকাৰী বি বিদায় গোটৰ সদস্যই যোগদান কৰিলে বি পি এফ দলত ৷ ৰাজনীতিৰ ক্ষেত্ৰখনত যোগদান কৰি ৰাইজৰ বাবে কাম কৰিবলৈ আগবাঢ়ি অহা বাবে সদস্যকেইজনলৈ ধন্যবাদ জ্ঞাপন সাংসদ বিশ্বজিৎ দৈমাৰীৰ
surrendered
আত্মসমৰ্পনকাৰী চাৰিজন এন ডি এফ বি সদস্য পূৰ্ণিমা ইছলাৰী,দিপিখা মূছাহাৰী, বিৰ্খাং বসুমতাৰী, দৈমু ব্ৰহ্মাই বি পি এফত যোগদান কৰে ৷ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিপিএফৰ জিলা সাধাৰণ সম্পাদক দেৰহাছাৎ বসুমতাৰীৰ উপস্থিতিত সদস্যকেইজনে যোগদান কৰে ৷ আত্মসমৰ্পনকাৰী সদস্যকেইজনে দলটোত যোগদান কৰি সমাজৰ বাবে কাম কৰিবলৈ আগবাঢ়ি অহাৰ বাবে সদস্যকেইজনলৈ ধন্যবাদ জ্ঞাপন কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷