অসম

assam

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 7:57 PM IST

ETV Bharat / state

বিটিআৰ চৰকাৰে উদযাপন কৰিলে তৃতীয় বৰ্ষপূৰ্তি

BTR Govt Anniversary: বিটিআৰ চৰকাৰে সম্পূৰ্ণ কৰিলে তিনিটা বছৰ ৷ 2020ৰ আজিৰ দিনটোতেই ইউপিপিএল, বিজেপি আৰু জিএচপিৰ মিত্ৰজোঁটে বিটিআৰতগঠন কৰিছিল চৰকাৰ ৷ সেই উপলক্ষে বিটিআৰ সচিবালয় প্ৰাংগণত শুকুৰবাৰে উদযাপন কৰা হয় তৃতীয় বৰ্ষপূৰ্তি ৷

BTR GOVT 3 YEARS CELEBRATION
বিটিআৰ চৰকাৰে উদযাপন কৰিলে তৃতীয় বৰ্ষপূৰ্তি

বিটিআৰ চৰকাৰে উদযাপন কৰিলে তৃতীয় বৰ্ষপূৰ্তি

কোকৰাঝাৰ, ১৫ ডিচেম্বৰ : বিভিন্ন কাৰ্যসূচীৰে শুকুৰবাৰে উদযাপন কৰা হয় বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি ৷ ২০২০ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২০২০ চনৰ ১৫ ডিচেম্বৰত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএচপিৰ মিত্ৰজোঁটে বিটিআৰত চৰকাৰ গঠন কৰিছিল ৷ সেই উপলক্ষে আজি দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হয় বিটিচি চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন অনুষ্ঠান ।

বৰ্ষপূৰ্তি উপলক্ষে পুৱা বডোফা নগৰস্থিত বিটিআৰ সচিবালয় প্ৰাংগণত বডোফাৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অৰ্পণেৰে তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি শান্তিৰ পতাকা উত্তোলন কৰে বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৱে ৷

আনহাতে বিটিআৰৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপনৰ সৈতে সংগতি ৰাখি বড়োলেণ্ড পৰিবহন বিভাগৰ চাৰিখনকৈ নতুন এ চি বাছৰ শুভাৰম্ভ কৰা হয় ৷ ইয়াৰে দুখন কাৰ্বি আংলঙলৈ আৰু দুখন ধেমাজিলৈ চলাচল কৰিব ৷ আনহাতে বিটিআৰৰ চৰকাৰৰ তৃতীয় বৰ্ষপূতি উদযাপনৰ সৈতে সংগতি ৰাখি ২০ খন ভ্ৰাম্যমাণ টী ষ্টল ২০ গৰাকী হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয় ৷

ইয়াৰ পিছতে আজি নতুনকৈ শুভাৰম্ভ কৰা এ চি বাছত উঠি প্ৰমোদ বড়োসহ প্ৰায়ভাগ কাৰ্যবাহী সদস্য আৰু বিটিআৰ সচিবালয়ৰ বিষয়াৰ দল দোতমাত উপস্থিত হৈ দোতমাৰ থুলুংগাপুৰীত থকা বডোফাৰ সমাধিক্ষেত্ৰত শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰে ৷ দোতমাৰ পিছত কোকৰাঝাৰৰ ভাটিপাৰাত বড়োলেণ্ড আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পন কৰে প্ৰমোদ বড়ো আৰু অন্যান্য কাৰ্যবাহী সদস্যসকলে ৷

ইপিনে তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয়, ‘‘আজি আমি সকলোৱে এখন শান্তিপূৰ্ণ, হিংসাবৰ্জিত বিটিআৰ বৰ্তাই ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ । এখন হিংসাবৰ্জিত সমাজ গঢ়াৰ সংকল্প লৈছো । আমি ভবাতকৈ বহু বেছি ভাল পৰিৱেশ দিছোঁ, সেয়া যাতে ধৰি ৰাখিব পাৰো তাৰ বাবে সকলোৰে সহযোগিতাৰ প্ৰয়োজন ।’’

প্ৰমোদ বড়োৱে লগতে কয়, ‘‘ শান্তিৰ বাতাবৰণ ঘূৰাই অনাৰ ক্ষেত্ৰত অসম আৰু ভাৰত চৰকাৰৰ লগতে সমূহ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰমোদ বড়োৱে । পূৰ্বৰ চৰকাৰক কঠোৰ সমালোচনা কৰি প্ৰমোদ বড়োৱে কয় যে শান্তি আৰু নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত পূৰ্বৰ চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিলে । শান্তি থাকিলেহে উন্নয়ন হ'ব, প্ৰগতি আহিব ।’’

বিটিচি চৰকাৰে সকলো জাতি-জনগোষ্ঠীক ন্যায় প্ৰদান কৰি আহিছে বুলি মন্তব্য কৰি হিংসামুক্ত বিটিআৰ গঠনত লোৱা সকলোৰে ভূমিকাক কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত সময়ছোৱাতে শান্তি আৰু নিৰাপত্তাৰ ধাৰা বৰ্তাই ৰাখিবলৈ সকলোৰে সহযোগিতা কামনা কৰে প্ৰমোদ বড়োৱে ৷

উল্লেখ্য যে, বিটিআৰ চৰকাৰৰ আজিৰ বৰ্ষপূৰ্তি কাৰ্যসূচীত বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, বিধায়ক লৰেঞ্চ ইছলাৰী, কাৰ্যবাহী সদস্য ক্ৰমে গৌতম দাস, ৰেওৰেৱা নাৰ্জিহাৰী, দাওবৈচা বড়ো, নিলৎ স্বৰ্গীয়াৰী, পাৰিষদ মাধৱ ছেত্ৰী, সজল সিংহ, বিটিআৰৰ সচিব প্ৰধান আকাশ দ্বীপ উপস্থিত থাকে ৷

লগতে পঢ়ক :বিটিআৰত শান্তি ঘূৰি অহাৰ পিচত শিক্ষাৰ্থীসকল সফলতাৰ ফালে ধাৱমান হৈছে : প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details