অসম

assam

ETV Bharat / state

Kokrajhar Court verdict: পতিতালয়ত কিশোৰী বিক্ৰীৰ অপৰাধত 20 বছৰৰ সশ্ৰম কাৰাদণ্ড দুই অভিযুক্তক - minor girl in brothel

ভূৱা পৰিচয়ৰে নাৱালিকাক প্ৰেমৰ জালত বন্দী কৰি পতিতালয়ত বিক্ৰী (Minor girl sold in brothel)  ৷ জাহানুদ্দিন শ্বেখ আৰু পতিতালয়ৰ গৰাকীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড কোকৰাঝাৰ বিশেষ আদালতৰ  ৷

Minor girl sold in brothel
Minor girl sold in brothel

By

Published : Nov 4, 2022, 10:55 PM IST

কোকৰাঝাৰ, 4 নৱেম্বৰ: কোকৰাঝাৰ জিলাৰ এগৰাকী নাৱালিকা যুৱতীক জাহানুদ্দিন শ্বেখ নামৰ এজন লোকে ভুৱা পৰিচয়ৰে প্ৰেমৰ জালত বন্দী কৰি পলুৱাই নি পতিতালয়ত বিক্ৰী কৰা গোচৰৰ শুকুৰবাৰে চূড়ান্ত ৰায় দিয়ে কোকৰাঝাৰ বিশেষ আদালতে (Kokrajhar court verdict on women trafficking case)।

পতিতালয়ত কিশোৰী বিক্ৰীৰ অপৰাধত 20 বছৰৰ সশ্ৰম কাৰাদণ্ড দুই অভিযুক্তক

কোকৰাঝাৰ বিশেষ আদালতৰ ৰায়দান অনুসৰি আৰক্ষীয়ে ইতিপূৰ্বে আটক কৰা পশ্চিমবংগ খালপাৰাত থকা এটা পতিতালয়ৰ গৰাকী চালমা বেগম আৰু বঙাইগাঁও জিলাৰ যোগীঘোপা কৰাইপাহাৰ নিৱাসী জাহানুদ্দিন শ্বেখক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে । জৰিমনা অনাদায় কৰিলে দুয়োজনে অতিৰিক্ত দুবছৰৰ কাৰাদণ্ড খাটিব লাগিব বুলি আদালতে নিৰ্দেশ দিয়ে (Rigorous imprisonment by Kokrajhar special judge)।

উল্লেখ্য যে, বঙাইগাঁও জিলাৰ যোগীঘোপা কৰাইপাহাৰ নিৱাসী জাহানুদ্দিন শ্বেখে চেৰফাংগুৰী থানাৰ অন্তৰ্গত এটা অঞ্চলত শ্ৰমিক হিচাপে নিয়োজিত হৈ থাকোতে নিজকে ৰাজু দাস বুলি পৰিচয় দি এগৰাকী কিশোৰীক প্ৰেমৰ জালত বন্দী কৰে । তাৰপিছত জাহানুদ্দিন শ্বেখ ওৰফে ৰাজু দাসে নাৱালিকাগৰাকীক ২০২০ চনৰ ৩০ জুলাইত পলুৱাই নিয়ে ।

পলুৱাই নিয়াৰ পিছত জাহানুদ্দিন শ্বেখ ওৰফে ৰাজু দাসে নাৱালিকাগৰাকীক পশ্চিমবংগ খালপাৰাত থকা এটা পতিতালয়ৰ গৰাকী চালমা বেগমৰ হাতত বিক্ৰী কৰে (Minor girl sold in brothel) ।

নাৱালিকা কিশোৰীগৰাকী ঘৰৰ পৰা নিৰুদ্দেশ হোৱাৰ পিছত পৰিয়ালৰ লোকে চেৰফাংগুৰী থানাত দাখিল কৰা এজাহাৰ ভিত্তিত ৪৯/২০ নম্বৰত এটা গোচৰ ৰজু কৰে । আৰক্ষীয়ে গোচৰৰ ভিত্তিত জাহানুদ্দিন শ্বেখক আটক কৰে । জাহানুদ্দিন শ্বেখৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে পশ্চিমবংগ আৰক্ষীৰ সহযোগত খালপাৰাত থকা এটা পতিতালয়ৰ পৰা নাৱালিকা কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে পতিতালয়ৰ গৰাকী চালমা বেগমক গ্ৰেপ্তাৰ কৰে (Brothel owner arrested from West Bengal)। আৰক্ষীয়ে দুয়োগৰাকী অভিযুক্তকে ইতিমধ্যে জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে ।

ইপিনে POSCO আইনৰ ধাৰা ৬/১৭ অনুসৰি কোকৰাঝাৰ বিশেষ আদালতত উক্ত গোচৰটো চলি আছিল ৷ শুকুৰবাৰে কোকৰাঝাৰ বিশেষ আদালতে উক্ত বিশেষ গোচৰৰ ৰায়দান কৰে । কোকৰাঝাৰৰ বিশেষ আদালতৰ ন্যায়াধীশ জে. কোচে দুই অভিযুক্ত ক্ৰমে জাহানুদ্দিন শ্বেখ আৰু চালমা বেগমক দোষী সাব্যস্ত কৰি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে । জৰিমনা অনাদায় হ’লে অতিৰিক্ত দুই বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰিছে কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ জে. কোচে ।

লগতে পঢ়ক:75 workers rescued from Arunachal: অৰুণাচলত আৱদ্ধ মৰিয়নিৰ ৮ শ্ৰমিকৰ লগতে ৭৫ শ্ৰমিকক উদ্ধাৰ

ABOUT THE AUTHOR

...view details