অসম

assam

ETV Bharat / state

কোকৰাঝাৰত ১৭ সংখ্যক বড়োলেণ্ড দিৱস উদযাপন - বি টি চি

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

১৭ সংখ্যক বড়োলেণ্ড দিৱস

By

Published : Feb 10, 2019, 3:20 PM IST

কোকৰাঝাৰ,১০ফেব্ৰুৱাৰী: ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত হোৱা ঐতিহাসিক বি টি চি চুক্তিয়ে দেওবাৰে ১৭ বছৰ পূৰ্ণ কৰিলে। প্ৰতিবছৰে বি টি চি চৰকাৰৰ সহযোগত বদফা নগৰত অনুষ্ঠিত কৰা বড়োলেণ্ড দিৱস এইবেলিও জাকজমকতাৰে পালন কৰা হৈছে ।

১৭ সংখ্যক বড়োলেণ্ড দিৱস
ইপিনে এই অনুষ্ঠানৰ প্ৰথমটো কাৰ্যসূচীত দেৱৰগাঁওস্থীত শ্বহীদ উদ্যানত পুৱা শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীযে। লগতে এই অনুষ্ঠানত বিটিচি প্ৰধানৰ ওপৰি সাংসদ বিশ্বজিত দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমিলা ৰাণী ব্ৰহ্মকে ধৰি বিটিচিৰ বহুকেইজন বিষয়ববিয়া আৰু বড়োলেণ্ডৰ শ্বহীদ পৰিয়ালবৰ্গ উপস্থিত থাকে ।

উল্লেখ যে বড়োলেণ্ড দিৱসৰ লগত সংগতি ৰাখি এক মুকলি সভা আয়োজন কৰা হৈছে। যত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ABOUT THE AUTHOR

...view details