কৰিমগঞ্জ, ৫আগষ্ট: মাত্ৰ তিনিদিনৰ ভিতৰতেই কৰিমগঞ্জৰ এজন যুৱকে নিৰ্মাণ সম্পন্ন কৰিলে ৰাম মন্দিৰৰ এটা আৰ্হি । ৰাম মন্দিৰৰ এই আৰ্হি সাঁজিলে কৰিমগঞ্জৰ অজিত সিনহা নামৰ এজন স্থানীয় যুৱ শিল্পীয়ে ।
বুধবাৰে অযোধ্যাত ভূমি পূজনৰ লগতে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মন্দিৰৰ এই আধাৰশিলা অনুস্থানৰ সময়চোৱাতে এজন যুৱ শিল্পীয়ে প্ৰস্তুত কৰি ওলিয়ালে ৰাম মন্দিৰৰ এক সুন্দৰ আৰ্হি ।