অসম

assam

ETV Bharat / state

ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা - ত্ৰিপুৰা আৰক্ষী

ত্ৰিপুৰাৰ কাঞ্চনপুৰ মহকুমা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰমজিৎ শুক্লাদাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাকামাৰ পৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

সুৰাখিনিৰ সৈতে আটক হয় দুজন লোক
সুৰাখিনিৰ সৈতে আটক হয় দুজন লোক

By

Published : Sep 30, 2020, 3:53 PM IST

কৰিমগঞ্জ, 30 ছেপ্তেম্বৰ: ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ দুখন সুৰা ভৰ্তি বাহন ৷ ত্ৰিপুৰাৰ কাঞ্চনপুৰ মহকুমা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰমজিৎ শুক্লাদাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাকামাত অভিযান চলাই বাহন দুখন আটক কৰিবলৈ সক্ষম হয় ৷ TR-05C-0431 আৰু TR-05C-0410 নম্বৰৰ বাহন দুখনৰ পৰা অভিযানকাৰী দলটোৱে 800 বটল সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি,জব্দকৃত সুৰা সমূহৰ কোনো বৈধ নথিপত্ৰ নাই ৷ চৰকাৰী ৰাজহ ফাঁকিৰে নথিপত্ৰ বিহীনভাৱে সুৰা সমূহ কঢ়িয়াই লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ জব্দকৃত সুৰাখিনিৰ সৈতে আটক হয় দুজন লোক ৷ সুজিত ৰায় আৰু সায়ন দেৱনাথ নামৰ দুয়োজন আটকাধীন লোকৰ ঘৰ পানীসাগৰ থানাৰ অন্তৰ্গত চামবাৰী এলেকাত বুলি জানিব পৰা গৈছে ৷

জব্দ বৃহৎ পৰিমাণৰ সুৰা

লগতে পঢ়ক:কাৰ্বি আংলঙত 25 কোটি টকাৰ নিষিদ্ধ হেৰ'ইন জব্দ

ABOUT THE AUTHOR

...view details