কৰিমগঞ্জ, 26 মাৰ্চ:ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পাচতে তুংগত উঠিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ শুকুৰবাৰে পুনৰ ৰাজ্যত প্ৰচাৰ চলোৱাৰ উদ্দেশ্য উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ চাৰিটা স্থানত প্ৰচাৰ চলালে গৃহমন্ত্ৰী গৰাকীয়ে ৷ কমলপুৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাচতে জাগিৰোড আৰু কৰিমগঞ্জত প্ৰচাৰ চলালে অমিত শ্বাহে ৷ কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ বিজেপি প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছত কঠোৰ ভাষাৰে সমালোচনা কৰে ৷
ভাষণ প্ৰসংগত গৃহমন্ত্ৰী গৰাকীয়ে কয়, চাহ জনজাতি সহ মণিপুৰী, বঙালিকে ধৰি বিভিন্ন ঠাইৰ পৰা অহা লোকৰ সমাহাৰেৰে ভাৰতৰ সভ্যতাক উজলাই তুলিছে পাথাৰকান্দি সমষ্টিটোৱে ৷ ইফালে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক সমালোচনাৰ লক্ষ্য কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয়, বদৰুদ্দিন আজমল কেতিয়াও অসমৰ প্ৰতীক হ'ব নোৱাৰে ৷ কংগ্ৰেছে মহাজোঁটৰ জৰিয়তে আজমলক অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি কৰি দিছে ৷