কৰিমগঞ্জ, 18 ডিচেম্বৰ : 1857 চনৰ আজিৰ দিনটোত কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ লাতুৰ মালেগড়ত বৃটিছ সৈন্যৰ সৈতে মুখামুখি যুদ্ধত লিপ্ত হৈছিল ভাৰতীয় বীৰ সৈন্যসকল ৷ এই যুদ্ধত 26 জনকৈম ভাৰতীয় বীৰ মুক্তি যুঁজাৰো শ্বহীদ হৈছিল ৷ একেখন যুঁজতে ভাৰতীয় মুক্তি যুঁজাৰুৰ হাতত নিহত হৈছিল বৃটিছ সৈন্যৰ মেজৰ বিং সহ তিনিজন ব্ৰিটিছ সৈন্য ৷
সেই যুঁজত শ্বহীদ হোৱা ভাৰতীয় বীৰ যুদ্ধা সকলৰ সোঁৱৰণত 18 ডিচেম্বৰ তাৰিখে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ চলিত বছৰতো ক‘ভিড প্ৰট‘কল মানি বিভিন্ন কাৰ্যসূচীৰ মাজেৰে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ শুকুৰবাৰৰ অনুষ্ঠানটো পাটকাই ট্ৰেকাৰ্চৰ উদ্যোগত জিলা প্ৰশাসন আৰু সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত আয়োজন কৰা হয় ৷