অসম

assam

ETV Bharat / state

কৰিমগঞ্জত অব্যাহত আছে চোৰৰ লুটপাত - karimgaj trample theft

কৰিমগঞ্জত পুনৰ অব্যাহত আছে চোৰৰ তাণ্ডৱ ৷ মঠ মন্দিৰত চলিছে চোৰৰ লুটপাত। নিশা পুৰোহিতৰ ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল চোৰ ৷

কৰিমগঞ্জত অব্যাহত আছে চোৰৰ লুটপাত
কৰিমগঞ্জত অব্যাহত আছে চোৰৰ লুটপাত

By

Published : May 6, 2021, 2:14 PM IST

কৰিমগঞ্জ, 6 মে’:কৰিমগঞ্জত অব্যাহত আছে মঠ মন্দিৰ চোৰৰ লুটপাত । এইবাৰ চোৰৰ টাৰ্গেট দক্ষিণ কৰিমগঞ্জৰ পেচাৰপাৰ গাঁৱৰ বালাজী মন্দিৰ । ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী এখন গাঁও হৈছে পেচাৰপাৰ ।

কৰিমগঞ্জত অব্যাহত আছে চোৰৰ লুটপাত

নিশা পাঁচ জনীয়া অস্ত্ৰধাৰী দলে পুৰোহিতৰ ঘৰৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰাৰ লগতে চোকা অস্ত্ৰ দেখুৱাই পুৰোহিতৰ পৰা লৈ যায় মন্দিৰৰ চাবি । মন্দিৰত প্ৰৱেশ কৰি চোৰে লুটি নিলে নগদ ধন, আ অলংকাৰ সহ বহু মূল্যবান সামগ্ৰী।

কৰিমগঞ্জত অব্যাহত আছে চোৰৰ লুটপাত

ঘটনাস্থলীত উপস্থিত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মায়ংক কুমাৰ, ডি.এচ.পি সুধন্য শুক্লবৈদ্য, পাথাৰকান্দি আৰক্ষীৰ বিশাল বাহিনীৰ সমান্তৰালকৈ সীমান্ত সুৰক্ষা বাহিনী । অপেক্ষাৰত অৱস্থাত সকলো ৷ স্নিফাৰ ডগ অহাৰ পিছত আৰম্ভ হ’ব তদন্ত । উল্লেখ্য যে, মন্দিৰত চুৰিৰ ঘটনাই কৰিমগঞ্জত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

লগতে পঢ়ক:শপত গ্ৰহণৰ বাবে সাজু ৰাজভৱন: অনিশ্চয়তাত শপত লওতাৰ নাম

ABOUT THE AUTHOR

...view details