অসম

assam

By

Published : May 12, 2021, 9:21 PM IST

ETV Bharat / state

গাড়ী চালক-চিআৰপিএফৰ কাজিয়াক কেন্দ্ৰ কৰি পাথাৰকান্দিত উত্তপ্ত পৰিস্থিতি

আইন অমান্য কৰা গাড়ীচালকৰ সৈতে চিআৰপিএফ বাহিনীৰ কাজিয়াক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ পাথাৰকান্দিত বুধবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । ঘটনাক কেন্দ্ৰ কৰি একাংশ উত্তেজিত ৰাইজে কৰ’ণাৰ বিধি উলংঘা কৰি কেইবাঘণ্টা ধৰি অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে ।

tense-situation-in-karimganj
গাড়ী চালক-চিআৰপিএফৰ কাজিয়াক কেন্দ্ৰ কৰি পাথাৰকান্দিত উত্তপ্ত পৰিস্থিতি

কৰিমগঞ্জ,12 মে’: আইন অমান্য কৰা গাড়ীচালকৰ সৈতে চিআৰপিএফ বাহিনীৰ কাজিয়াক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ পাথাৰকান্দিত বুধবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । ঘটনাক কেন্দ্ৰ কৰি একাংশ উত্তেজিত ৰাইজে কৰ’ণাৰ বিধি উলংঘা কৰি কেইবাঘণ্টা ধৰি অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বুধবাৰ দিনৰ প্ৰায় এঘাৰ বজাত ৰাজু মিঞা নামৰ এগৰাকী ট্ৰাক চালকে AS 11 C 2815 নম্বৰৰ এখন ট্ৰাক নিয়ম বহিৰ্ভূতভাৱে পথৰ কাষত থিয় কৰাই সামগ্ৰী নমাই থকাৰ সময়ত কৰ্তব্যৰত চিআৰপিএফ জোৱানে ট্ৰাকখন সেই স্থানৰ পৰা আঁতৰাই নিয়াৰ অনুৰোধ কৰোতে চালকজনে চিআৰপিএফ জোৱানৰ সৈতে কাজিয়াত লিপ্ত হয় । আনকি চিআৰপিএফ জোৱানক গালি-গালাজ কৰি ট্ৰাকখন লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰে ।

পাথাৰকান্দিত উত্তপ্ত পৰিস্থিতি

কিন্তু পৰৱৰ্তী সময়ত চিআৰপিএফ জোৱানে চহৰৰ মাজমজিয়াত পুনৰ ট্ৰাকখন ৰখাই চালকজনক প্ৰহাৰ কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ ইয়াৰ পাছতে স্থানীয় একাংশই চালকৰ পক্ষত থিয় হৈ অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত পাথাৰকান্দি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ তেৰাং উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

লগতে পঢ়ক: এখন বাঁহনিত বাহৰ পাতিছে জাক জাক বগলীয়ে

ABOUT THE AUTHOR

...view details