কৰিমগঞ্জত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত শিক্ষকৰ মৃত্যু - শিক্ষক
এনকেফেলাইটিছত আক্ৰান্ত হৈ শিক্ষক মনোজ কৈৰীৰ মৃত্যু ৷ কেকড়াগুল চাহ বাগিছাৰ এগৰাকী চাৰি বছৰীয়া শিশুৰো মৃত্যু এনকেফেলাইটিছত
কৰিমগঞ্জ,1 জুলাই : জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শনিবাৰে কৰিমগঞ্জত এজন শিক্ষকৰ মৃত্যু হয় ৷ মৃত্যু হোৱা শিক্ষকজনৰ নাম মনোজ কৈৰী ৷ মনোজ কৈৰী পশ্চিম পাঠাখাউৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল ৷ একেদিনাই কেকড়াগুল চাহ বাগিছাৰ এগৰাকী চাৰি বছৰীয়া শিশুৰ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ইতিমধ্যে, এলেকাটোত জ্বৰত আক্ৰান্ত হৈছে বহু লোক। কিন্তু স্বাস্থ্য বিভাগৰ ফালৰ পৰা এতিয়াও কোনো বিশেষ পদক্ষেপ লোৱা হোৱা নাই বুলি উল্লেখ কৰে স্থানীয় লোকে। কৰিমগঞ্জত শেহতীয়াকৈ এনকেফেলাইটিছত আক্ৰান্ত হৈ কেইবাগৰাকীও লোক মৃত্যু মুখত পৰিছে ৷