কৰিমগঞ্জ, 3 জুলাই : কৰিমগঞ্জত অব্যাহত আছে বাইক ৰাইডাৰ্ছৰ দৌৰাত্ম্য ৷ একাংশ উদণ্ড বাইক চালকে যান-বাহন আইন ভংগ কৰি ৰাজপথত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ দীৰ্ঘদিনৰ পৰা জিলাখনত বৃদ্ধি পাই অহা এই উপদ্ৰৱৰ পাচতে বাইক আৰোহীৰ বিৰুদ্ধে এক অভিযান চলাই কৰিমগঞ্জৰ নতুন আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই ৷ জিলা আৰক্ষী অধীক্ষৰ দায়িত্ব গ্ৰহণৰ পাচতে বৃহস্পতিবাৰে বিয়লিৰ ভাগত নিজে বাইপাছত থিয় হৈ ট্ৰাফিক আইন উলংঘা কৰা বাইক আৰোহীৰ বিৰুদ্ধে অভিযান চলায় ৷
যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষী অধীক্ষৰ অভিযান - ট্ৰাফিক আইন উলংঘা
নতুন আৰক্ষী হিচাপে দায়িত্বভাৰ লৈয়ে উদণ্ড বাইক চালকৰ বিৰুদ্ধে অভিযান চলালে কৰিমগঞ্জৰ নতুন আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই ৷ বৃহস্পতিবাৰে বিয়লি মাত্ৰ 3 ঘন্টা সময় অভিযান চলাই পাথাৰকান্দি আৰক্ষীৰ সহযোগত 27,500 টকাৰ জৰিমনা আদায় কৰে বিষয়া গৰাকীয়ে ।
যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষী অধীক্ষৰ অভিযান
মাত্ৰ 3 ঘন্টা সময় অভিযান চলাই পাথাৰকান্দি আৰক্ষী (Patharkandi Police) ৰ সহযোগত 27,500 টকাৰ জৰিমনা আদায় কৰে বিষয়া গৰাকীয়ে । বিশেষকৈ হেলমেট নিপিন্ধাকৈ যি সকল লোকে ৰাজপথত মটৰ চাইকেল চলাই গৈছিল, তেওঁলোকে এহেজাৰ টকাকৈ জৰিমনা ভৰিব লগা হৈছে ৷
লগতে পঢ়ক:অসম চাহ পৰিষদৰ নতুন তত্বাৱধায়ক হিচাপে নিযুক্তি পোনাকণ বৰুৱা