অসম

assam

ETV Bharat / state

কেবৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ

চৰকাৰে উন্নয়ন কৰাৰ পৰিৱৰ্তে মুছলমান আৰু হিন্দু সম্প্ৰদায়ৰ মাজত এক বিভেদৰ সূচনা কৰিছে ৷ কেবৰ বিৰুদ্ধে প্ৰতিবাদ আব্যাহত থাকিব বুলি মত প্ৰকাশ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ৷

প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ প্ৰতিক্ৰিয়া
প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ প্ৰতিক্ৰিয়া

By

Published : Dec 12, 2019, 8:18 AM IST

কৰিমগঞ্জ,12 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱা পিচত প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কয়, দেশত এতিয়া ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিজেপিয়ে । চৰকাৰে উন্নয়ন কৰাৰ পৰিৱৰ্তে মুছলমান আৰু হিন্দু সম্প্ৰদায়ৰ মাজত এক বিভেদৰ সূচনা কৰিছে ৷ সাধাৰণ ৰাইজে শান্তি বিচাৰে কিন্তু এই চৰকাৰে সংঘৰ্ষ বিচৰাহে পৰিলক্ষিত হৈছে ৷ স্বাধীনতা আন্দোলনৰ কোনো মৰ্যদা নাথাকিল বুলিও উল্লেখ কৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ আব্যাহত থাকিব বুলি মত প্ৰকাশ কৰিপ্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details