অসম

assam

By

Published : Oct 20, 2020, 9:36 AM IST

ETV Bharat / state

কৰিমগঞ্জত ট্ৰাকসহ জব্দ চোৰাং কাঠ

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ লংগাই ফৰেষ্ট এলেকাৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠৰ লগতে এখন ডি আই ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ টকা ৷

Seized chagun wood with truck in Karimganj
কৰিমগঞ্জত ট্ৰাক সহ জব্দ চেগুন কাঠ

কৰিমগঞ্জ, 20 অক্টোবৰ:কৰিমগঞ্জত বন বিভাগৰ অভিযান অব্যাহত । পাথাৰকান্দি সমষ্টিৰ লংগাই ফৰেষ্ট এলেকাত সোমবাৰে নিশা অভিযান চলাই জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠৰ লগতে এখন ডি আই ট্ৰাক ৷ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আটক কৰা হয় বাহনখনৰ লগতে কাঠখিনি ৷

কৰিমগঞ্জত ট্ৰাক সহ জব্দ চেগুন কাঠ

ইফালে, বন বিভাগে কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় যদিও চোৰাং কাঠ সৰবৰাহ কৰা ব্যক্তিজনে পলায়ন কৰে বুলি জানিবলৈ দিয়ে বন বিভাগৰ দলে ৷ উল্লেখযোগ্য যে, বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ টকা ।

অন্য এক খবৰৰ বাবে:সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!

ABOUT THE AUTHOR

...view details