অবৈধ কৰ সংগ্ৰহ ছেলচ টেক্স বিভাগৰ - ট্ৰাকৰ পৰা অবৈধ ধন সংগ্ৰহ
কেন্দ্ৰীয় চৰকাৰৰ 'ওৱান নেছন ওৱান টেক্স' আচঁনিৰ সময়ত ট্ৰাকৰ পৰা অবৈধ ধন সংগ্ৰহ কৰিমগঞ্জ জিলাত ৷
কৰিমগঞ্জ , 12 চেপ্তেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে "ওৱান নেছন ওৱান টেক্স"ৰ কথা কোৱাৰ সময়তে কৰিমগঞ্জ জিলাৰ বিভিন্ন স্থানত বহিঃ ৰাজ্যৰ পৰা অহা ট্ৰাকৰ পৰা অবৈধভাৱে কৰ সংগ্ৰহৰ অভিযোগ ছেলচ টেক্স বিভাগৰ বিৰুদ্ধে ৷ অভিযোগ মতে, কৰিমগঞ্জ জিলাৰ বিভিন্ন স্থানত বহিঃ ৰাজ্যৰ পৰা অহা ট্ৰাকক ছেলচ টেক্স বিভাগৰ এটা দলে ছিগনেল দি ৰখাই সকলো কাগজ পত্ৰ ৰাখি থয় আৰু গাড়ীৰ কাগজ-পত্ৰ ঘূৰাই দিয়াৰ নামত কাৰ্যালয়লৈ মাটি আদায় কৰে বৃহৎ অংকৰ ধন ৷ বুধবাৰে ৰাতিও সংঘটিত হয় অনুৰূপ ঘটনা ৷ পশ্চিম বংগৰ পৰা অহা দুখন ট্ৰাকক চূড়াইবাৰী এলেকাত ৰখাই ধনৰ দাবী কৰে বিভাগৰ পৰিদৰ্শক পাৰ্থ আদিত্যৰ নেতৃত্বত এটা দলে ৷ বিভাগটোৰ এনে কাৰ্যত অতিষ্ঠ হৈ পৰিছে বহিঃ ৰাজ্যৰ ট্ৰাক চালক সকল ৷