অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ হাস্পতালত চিকিৎসা সামগ্ৰী প্ৰদান ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ - ন্যাটাল কেয়াৰ ইউনিট

কৰিমগঞ্জৰ চেৰিটেবল হাস্পতালত চিকিৎসা সামগ্ৰী প্ৰদান কৰিলে ক্ৰিকেটৰ ঈশ্বৰ হিচাপে খ্যাত শচীন তেণ্ডুলকাৰে । জিলাখনৰ বাজাৰিছড়াস্থিত মাকুন্দা খ্ৰীষ্টান মিছনেৰী হাস্পতালত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰিলে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ।

sachin-tendulkar-donates-medical-equipments
কৰিমগঞ্জৰ হাস্পতালত চিকিৎসা সামগ্ৰী প্ৰদান কৰিলে শচীন তেণ্ডুলকাৰে

By

Published : Nov 14, 2020, 4:46 PM IST

কৰিমগঞ্জ, 14 নৱেম্বৰ : কৰিমগঞ্জৰ চেৰিটেবল হাস্পতালত চিকিৎসা সামগ্ৰী প্ৰদান কৰিলে ক্ৰিকেটৰ ঈশ্বৰ হিচাপে খ্যাত শচীন তেণ্ডুলকাৰে । জিলাখনৰ বাজাৰিছড়াস্থিত মাকুন্দা খ্ৰীষ্টান মিছনেৰী হাস্পতালত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰিলে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে । শচীন তেণ্ডুলকাৰে প্ৰদান কৰা চিকিৎসা সামগ্ৰী মূলতঃ পেডিয়াট্ৰিক ইনটেনছিভ কেয়াৰ ইউনিট আৰু ন্যাটাল কেয়াৰ ইউনিটত ব্যবহাৰ কৰা হ‘ব । ইয়াৰ দ্বাৰা দুখীয়া পৰিয়ালৰ প্ৰায় 2000 শিশুৰ চিকিৎসা প্ৰদানত সুবিধা হ‘ব ৷

কৰিমগঞ্জৰ হাস্পতালত চিকিৎসা সামগ্ৰী প্ৰদান কৰিলে শচীন তেণ্ডুলকাৰে

উল্লেখ্য যে, বিগত কেবা যুগ ধৰি বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চুবুৰীয়া ত্ৰিপুৰা ৰাজ্যৰ লোকক উন্নত চিকিৎসা পৰিসেৱা প্ৰদান কৰি আহিছে মাকুন্দা খ্ৰীষ্টান মিছনেৰী হাস্পতালে । আৰু বিশেষকৈ প্ৰসূতি মাতৃকে ধৰি বিভিন্ন জটিল অস্ত্ৰোপচাৰ এই চিকিৎসালয়ত সম্পন্ন কৰা হয় বিদেশৰ পৰা অহা চিকিৎসকৰ দ্বাৰা । এতিয়া শচীন তেণ্ডুলকাৰৰ দৰে এগৰাকী বৰেণ্য ব্যক্তিয়ে কৰিমগঞ্জৰ দৰে পিছপৰা এখন জিলাৰ ভিতৰুৱা অঞ্চলৰ হাস্পতালৰ সহায়ৰ বাবে আগবাঢ়ি অহাৰ বাবে জিলাখনৰ সাধাৰণ ৰাইজে আনন্দ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:শীতৰ সময়ত বন্ধ থাকিব গংগোত্ৰীৰ দুৱাৰ

ABOUT THE AUTHOR

...view details