অসম

assam

By

Published : Oct 10, 2020, 3:31 PM IST

ETV Bharat / state

ৰাইজৰ তৎপৰতাত কৰায়ত্ত এটিএম হেকাৰ

ৰাইজৰ উত্তম-মধ্যমৰ বলি হ’ল বহিঃৰাজ্য়ৰ পৰা অহা এজন হেকাৰ ৷ কৰিমগঞ্জত সংঘটিত হৈছে এনে ঘটনা ৷

Public caught ATM hacker in karimganj assam etv bharat news
এটিএম হেকাৰ কৰায়ত্ত

কৰিমগঞ্জ,10 অক্টোবৰ: কৰিমগঞ্জত ৰাইজৰ ৰোষৰ বলি হৈছে এজন এটিএম হেকাৰ ৷ বহিঃৰাজ্য়ৰ পৰা অহা হেকাৰটোক স্থানীয় ৰাইজে শনিবাৰে কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই গতাই দিয়ে আৰক্ষীক ৷ এগৰাকী ব্যৱসায়ীৰ বুদ্ধিমত্তাৰ বাবে ত্ৰিপুৰাৰ কদমতলাত বাহৰ পাতি থকা ছেলিমউদ্দিন নামৰ হেকাৰটোক ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ উত্থাপিত অভিযোগ অনুসৰি, হেকাৰটোৱে নিলাম বজাৰৰ এগৰাকী লোকৰ এটিএম কাৰ্ড চল-চাতুৰিৰে বদলি কৰি নি ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা সোণ আৰু কৰিমগঞ্জৰ এখন ম’বাইলৰ বিপণীৰ পৰা ম’বাইল ক্ৰয় কৰিছিল ৷

উল্লেখ্য যে,হেকাৰটোৰ লগত থকা এজন ব্য়ক্তিকো ৰাইজে সমানে প্ৰহাৰ কৰে ৷ অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে উক্ত ব্যক্তিগৰাকী হেকাৰটোৰ সৈতে কোনো সম্পৰ্ক নথকাৰ কথা প্ৰকাশ কৰে ৷

লগতে চাওকঃনগাঁৱত স্বামীৰ প্ৰহাৰত মহিলাৰ মৃত্যু

ABOUT THE AUTHOR

...view details