অসম

assam

অত্যধিক লোড শ্বেডিঙে ৰমজান মাহত জ্বলা-কলা খুৱাইছে বদৰপুৰবাসীক

By

Published : May 15, 2019, 10:21 PM IST

বিদ্যুতৰ অত্যধিক লোড শ্বেডিঙে ৰমজান মাহত জ্বলা-কলা খুৱাইছে বদৰপুৰ অঞ্চলৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক ৷ সেয়েহে বুধবাৰে বদৰপুৰ ৰাইজে বদৰপুৰ বিদুৎ উপসংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰে ।

বদৰপুৰ ৰাইজৰ স্মাৰক পত্ৰ দাখিল

বদৰপুৰ, 15 মে': ৰমজান মাহত বিদ্যুতৰ অত্যধিক লোড শ্বেডিঙে জ্বলা-কলা খুৱাইছে বদৰপুৰ বিধানসভা সমষ্টিৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক ৷ প্ৰতি দিনে সন্ধিয়া নামাজৰ সময়তে বিদ্যুতৰ লোড শ্বেডিং বৃদ্ধি পোৱাত বুধবাৰে ৰাইজে বদৰপুৰ বিদুৎ উপসংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছে ।

বদৰপুৰ ৰাইজৰ স্মাৰক পত্ৰ দাখিল

এই স্মাৰক পত্ৰ প্ৰদানত উপস্থিত আছিল মামনুন চৌধুৰী, মাতাহাব উদ্দিন আৰু জাকিৰ বেগকে ধৰি বহুকেইজন ব্যক্তি।

ABOUT THE AUTHOR

...view details