কৰিমগঞ্জ,4 জানুৱাৰী :কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিত প্ৰধানমন্ত্ৰী পকী পথ যোজনাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। লোয়াইৰপোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত বাজাৰিছড়াৰ পৰা ছাগলমোৱা পথছোৱা নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। আকাশ এন্টাৰপ্ৰাইজ নামৰ এটা নিৰ্মাণকাৰী সংস্থাই চলোৱা এই কাম অতি লেহেমীয়া গতিত চলাৰ বাবে আজিলৈকে সম্পন্ন নহ'ল পথটোৰ নিৰ্মাণৰ কাম ।
কৰিমগঞ্জত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত দুৰ্নীতিৰ অভিযোগ - ছাগলমোৱা
কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিত বিজেপি কৰ্মীৰ মইমতালি। সমষ্টিটোত প্ৰধানমন্ত্ৰী পকী পথ যোজনাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। বাজাৰিছড়া আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদত নামিল সহশ্ৰাধিক লোক।
স্থানীয় ৰাইজৰ অভিযোগ,প্ৰথমৰ পৰাই বিজেপিৰ একাংশই ভুৱা নিৰ্মাণ সংস্থাৰ নাম লৈ পুৰণা আঁচনিৰ টকা আত্মসাত কৰি একে পথৰ নামত নতুন আঁচনিৰ ধন আবন্টন কৰিছে । ইয়াকে লৈ প্ৰতিবাদ কৰোতে বিজেপিৰ একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰা লোকৰ বিৰুদ্ধে আৰক্ষী লগাই দিয়াৰ পিছত উত্তেজিত হৈ পৰে গাঁৱখনৰ ৰাইজ। বাজাৰিছড়া আৰক্ষী থানা ঘেৰাও কৰি গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে আৰু পথ নিৰ্মাণৰ নামত সংঘটিত ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্ত কৰাৰ দাবী উত্থাপন কৰে।
আৰু পঢ়ক : সৰ্বানন্দ সোণোৱাল জাতীয় শত্ৰু তৰুণ গগৈ