কৰিমগঞ্জ, 12 জুলাই :কৰ'ণা সন্ত্ৰাসৰ মাজতে দেওবাৰে কৰিমগঞ্জ জিলাত দুই পক্ষৰ সংঘাতত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত লোহাৰপাৰা এলেকাত দুই ফৈদৰ সংঘাতৰ ফলত মৃত্যু হয় হাৰিছ আলি নামৰ লোকজনৰ ৷
ঘটনাৰ বিৱৰণ অনুসৰি, দুপৰীয়াৰ ভাগত সংঘটিত হৈছে এই ঘটনা ৷ ৰে'ল বিভাগৰ মাটিত মাছ মৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল সংঘাতৰ ৷ অভিযোগ অনুসৰি, ৰে'ল বিভাগৰ অধীনত থকা এটা পুখুৰী ৰঞ্জু ওয়াৰিছ আৰু হাৰিছ আলি নামৰ ব্যক্তিদুজনে দখলৰ চেষ্টা চলাই আছিল বহু বছৰৰ পৰাই । দেওবাৰে ৰঞ্জ ওয়াৰিছে উক্ত পুখুৰীটোত মাছ মাৰিবলৈ গৈছিল কিন্তু হাৰিছ নামৰ ব্যক্তিজনে মাছমৰা কাৰ্যক বাধা দিয়াৰ বাবে উক্ত সংঘাতৰ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে ৷ আনকি এই মাটিৰ মালিকানাক লৈ পূৰ্বেও দুই পক্ষৰ মাজত বহুবাৰ কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি স্থানীয় লোকে অভিযোগ উখাপন কৰিছে ৷