অসম

assam

ETV Bharat / state

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কৰিমগঞ্জত দাখিল হ'ল মনোনয়ন - কংগ্ৰেছ প্ৰাৰ্থী

ৰিংটাৰ্নিং অফিছাৰৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশৰ পৰা বঞ্চিত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় ছিদ্দিক আহমেদৰ দৰে হাই প্ৰফাইল নেতা

মননোয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী

By

Published : Mar 25, 2019, 9:26 PM IST

মননোয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী

কৰিমগঞ্জ, 25 মাৰ্চঃ কৰিমগঞ্জত কমেও পাঁচটাকৈ গেট অতিক্ৰম কৰি মননোয়ন জমা দিলে কংগ্ৰেছ প্ৰাৰ্থীয়ে ৷ প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় ছিদ্দিক আহমেদৰ দৰে হাই প্ৰফাইল নেতাও দীৰ্ঘসময় ধৰি ৰৈ থকিবলগা হল গেটত ৷ উল্লেখ্য যে, সোমবাৰে কৰিমগঞ্জত তিনিগৰাকী প্ৰাৰ্থীয়ে জমা দিয়ে মননোয়ন পত্ৰ ৷ কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাস, এআইইউডিএফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস আৰু তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থী চন্দন দাসে ৰিটাৰ্নিং অফিচাৰ পি.বি ৰয়ৰ হাতত জমা দিয়ে মননোয়ন ৷ লোকসভা নিৰ্বাচনৰ মননোয়ন দাখিলক লৈ ৰাজনৈতিক উন্মাদনা সৃষ্টি হোৱাৰ আশংকাত ৰিংটাৰ্নিং অফিছাৰৰ কাৰ্যালয়ৰ চৌদিশে বনোৱা হয় এটাৰ পিছত এটা বেৰিকেট ৷ তাৰোপৰি কাৰ্যালয় চৌহদত গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা বেষ্টনী ৷ যাৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসৰ পক্ষত অহা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়, বিধায়ক কমলাক্ষ দে পুৰকায়স্থক ভিতৰত সোমাবলৈ বাধা দিয়ে কাৰ্যালয়ত সৰ্বত্ৰে মোতায়ন কৰা চিআৰপিএফ, বিএছএফ, অসম আৰক্ষীয়ে ৷ যাক লৈ সামন্য পৰিমাণে উত্তেজনা সৃষ্টি হয় কাৰ্যালয় চৌহদত৷

ABOUT THE AUTHOR

...view details