অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ নিলাম বজাৰত উলংঘা সান্ধ্য আইন

কৰিমগঞ্জৰ নিলামবজাৰ অঞ্চলত 7 বজাৰ পাচতো মানুহৰ সমাগম থকাৰ লগতে খোলা আছে শাক-পাচলিৰ বজাৰ, দোকান, ইত্যাদি ৷

By

Published : Jun 28, 2020, 5:10 AM IST

কৰিমগঞ্জৰ নিলাম বজাৰত উলংঘা সান্ধ্য আইন
কৰিমগঞ্জৰ নিলাম বজাৰত উলংঘা সান্ধ্য আইন

কৰিমগঞ্জ, 28 জুনঃ ৰাজ্যত প্ৰতিদিনে দ্ৰুত গতিৰে বাঢ়ি আছে কৰ’ণা সংক্ৰমিত লোকৰ সংখ্যা ৷ কোনো কোনো স্থানত আৰম্ভ হৈছে গণ সংক্ৰমণো ৷ সেয়ে ৰাজ্য চৰকাৰে সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা #unlok 1 ৰ মাজতো কিছু কিছু ক্ষেত্ৰত কঠোৰ হ'ব লগীয়া হৈছে ৷ সেই অনুসৰি ৰাজ্য চৰকাৰে সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰিছে ৷ পূৰ্বৰ 9 বজাৰ পৰিবৰ্তে সন্ধিয়া 7 বজাৰ পৰাই জাৰি হৈ পুৱা 7 বজালৈ সান্ধ্য আইনৰ সীমা নিৰ্ধাৰণ কৰিছে ৷ শুকুৰবাৰ অৰ্থাৎ 26 জুনৰ পৰাই বলবৎ হৈছে এই নিয়ম ৷

কৰিমগঞ্জৰ নিলাম বজাৰত উলংঘা সান্ধ্য আইন

কিন্তু চৰকাৰক এই নিয়মক কেৰেপেই কৰা নাই কৰিমগঞ্জৰ নিলামবজাৰ অঞ্চলত ৷ 7 বজাৰ পাচতো মানুহৰ সমাগম থকাৰ লগতে খোলা আছে বস্ত্ৰ বিপনী, চাহৰ দোকন, শাক-পাচলিৰ বজাৰ ইত্যাদি প্ৰায় সকলো দোকান-বজাৰ ৷ কিন্তু ইমানৰ পাচতো সেই অঞ্চলত নাই আৰক্ষী বা প্ৰশাসনৰ কোনো লোক ৷

লগতে পঢ়কঃলক ডাউনঃ মহানগৰীৰ বজাৰত গ্ৰাহকৰ ভিৰ

ABOUT THE AUTHOR

...view details