অসম

assam

ETV Bharat / state

কৰিমগঞ্জত 30 হাজাৰ টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ - (DRUGS PEDDLER)

শুকুৰবাৰে কৰিমগঞ্জত কাছাৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ কাছাৰ জিলা আৰক্ষীয়ে কৰিমগঞ্জত অভিযান চলাই প্ৰায় 30 হাজাৰ টকাৰ মূল্যৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে ৷

durgs recover
কৰিমগঞ্জত 30 হাজাৰ টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ

By

Published : Jun 18, 2021, 10:05 PM IST

কৰিমগঞ্জ,18 জুন:ৰাজ্যত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam Police) ৷ জিলাই জিলাই ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ দল ৷ প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী (DRUGS PEDDLER) পৰিছে আৰক্ষীৰ জালত ৷

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ আন আন জিলাৰ দৰে বৰাক উপত্যকাতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ তাৰ মাজতে শুকুৰবাৰে কৰিমগঞ্জত কাছাৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ কাছাৰ জিলা আৰক্ষীয়ে কৰিমগঞ্জত অভিযান চলাই প্ৰায় 30 হাজাৰ টকাৰ মূল্যৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে ৷ মনকৰিবলগীয়া যে, আৰক্ষীয়ে অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে এগৰাকী মিজোৰামৰ মহিলাকো আটক কৰিবলৈ সক্ষম হৈছে ৷

কৰিমগঞ্জত 30 হাজাৰ টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ

উল্লেখযোগ্য যে, কৰিমগঞ্জত বিগত কিছু দিনৰ পৰা আৰক্ষী অভিযান চলাই কেইবা কোটি টকাৰ ড্ৰাগছসহ ড্ৰাগছৰ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু শুকুৰবাৰে কাছাৰ জিলাৰ পৰা আৰক্ষী আহি অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা ঘটনাই কৰিমগঞ্জত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৷

শুকুৰবাৰে কৰিমগঞ্জৰ ঘাগাইল এলেকাৰ পৰা জনৈক আব্দুল হাছিমক গ্ৰেপ্তাৰ কৰিছিল কাছাৰ আৰক্ষীয়ে । হাছিমক আটক কৰাৰ পাচতে আৰক্ষীয়ে সোধাপোছা কৰাৰ অন্তত কাছাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া (SI)মনোজ ৰাজবংশীৰ নেতৃত্বত যোৱা এটা দলে আব্দুল হাছিমে ঘৰত মজুত কৰি ৰখা প্ৰায় 30 হাজাৰ টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ কৰে ৷ আনহাতে এই অবৈধ কাৰবাৰত স্বামী হাছিমক সহায় কৰা পত্নী নাছিমা বেগমকো আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আনে ৷

সম্প্ৰতি এই ঘটনাই কাছাৰ আৰু কৰিমগঞ্জ জিলাত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে ৷ যি সময়ত অসম চৰকাৰে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে , তাৰ পাচতো এনে দৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ড্ৰাগছৰ লগতে নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে ৷ একাংশ নৱপ্ৰজন্মৰ যুৱক-যুৱতীয়ে এই মাৰাত্মক নিচাজাতীয় সামগ্ৰী সেৱণ কৰি নিজৰ জীৱনক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ৷ যাৰ ফলত তেওঁৰ ব্যক্তিগত জীৱন ধ্বংস হোৱাৰ লগতে এখন সপোনৰ ঘৰ ভাঙি থান-বান হৈ যোৱাৰ লগতে সমাজখনতো বিৰূপ প্ৰভাৱ পৰা দেখা যায় ৷

গতিকে সময় থাকোতে এই নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ আৰু প্ৰচলন বন্ধ কৰি ধ্বংসৰ গৰাহলৈ যোৱা একাংশ নৱপ্ৰজন্মক নিচামুক্ত কৰি তুলিবলৈ চৰকাৰক আহ্বান জনাইছে সচেতন মহলে ৷

লগতে পঢ়কঃ যানবাহন আইন উলংঘনকাৰীৰ পৰা জৰিমনা আদায় বৰপেটা আৰক্ষীৰ

ABOUT THE AUTHOR

...view details