পাথাৰকান্দি, 23মাৰ্চ:নিৰ্বাচনী প্ৰচাৰ অভিযানত উত্তাল হৈ আছে ৰাজ্যৰ আকাশ-বতাহ ৷ সমষ্টিয়ে সমষ্টিয়ে ভিৰ কৰিছে ৰাজনৈতিক নেতাই ৷ সোমবাৰে ৰাতাবাৰীত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহে ৷
এইবাৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ আঠটা বিধানসভা সমষ্টিৰ ভিতৰত পাঁচটা কৈ বিধানসভা সমষ্টি বিজেপিৰ দখললৈ যাব । কংগ্ৰেছৰ লগত এইবাৰ নাই ৰাইজ । কংগ্ৰেছ বৰ্তমান সময়ত কোনো ফেক্টৰেই নহয় ৰাতাবাৰীৰ বাবে ৷ এই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে কৰিমগঞ্জৰ সাংসদ গৰাকীয়ে ৷