অসম

assam

By

Published : Nov 23, 2019, 11:54 AM IST

Updated : Nov 23, 2019, 12:04 PM IST

ETV Bharat / state

সমস্যা মুক্ত হ'ব কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ঃ প্ৰতিশ্ৰুতি স্থানীয় বিধায়কৰ

নিৰাপত্তাহীনতাত ভুগিছে কৰিমগঞ্জৰ পাথাৰকান্দিৰ বৈঠাখালত অৱস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলে ৷ বিদ্যালয়খনৰ শিক্ষকসকলে সকলো সমস্যা বিধায়কৰ আগত দাঙি ধৰে আৰু বিধায়ক কৃষ্ণেন্দু পালে বিদ্যালয়ৰ সমস্যাসমুহ সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

কৰিমগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি স্থানীয় বিধায়কৰ

কৰিমগঞ্জ, 23 নৱেম্বৰঃ সমস্যাই জুৰুলা কৰিছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ক ৷ নিৰাপত্তাহীনতাত ভুগিছে কৰিমগঞ্জৰ পাথাৰকান্দিৰ বৈঠাখালত অৱস্থিত এই বিদ্যালয়খনৰ ছাত্ৰীসকলে ৷ বিদ্যালয়খন আৰম্ভণিৰ পৰাই বিভিন্ন সমস্যাত জৰ্জৰিত যদিও মুলত খোৱাপানী আৰু সুৰক্ষাৰ সমস্যাই প্ৰধান ৷ এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পাচত শুকুৰবাৰে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত উপস্থিত হয় স্থানীয় বিধায়ক কৃষ্ণেন্দু পাল । বিদ্যালয়খনৰ শিক্ষকসকলে সকলো সমস্যা বিধায়কৰ আগত দাঙি ধৰে আৰু বিধায়ক কৃষ্ণেন্দু পালে বিদ্যালয় খনৰ সকলো সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

ইয়াৰোপৰি বিধায়কগৰাকীয়ে ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত মেৰী কম আৰু হিমা দাসৰ দৰে এথলিটৰ উদাহৰণ দাঙি ধৰি আগন্তুক দিনত সু-নাগৰিক হৈ নিজকে গঢ় দিয়াৰ পৰামৰ্শ প্ৰদান কৰে ।

কৰিমগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি স্থানীয় বিধায়কৰ

আৰু পঢ়কঃ জীয়াঢলৰ সুঁতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰক 15 দিনৰ সময়সীমা আছুৰ

Last Updated : Nov 23, 2019, 12:04 PM IST

ABOUT THE AUTHOR

...view details