অসম

assam

By

Published : Jun 28, 2020, 7:40 PM IST

ETV Bharat / state

কোভিড চিকিৎসালয়ৰ পৰা মুকলি হ'ল বিধায়ক কৃষ্ণেন্দু পাল

পুনৰ স্বাৱ পৰীক্ষাৰ অন্তত কোভিড-19 নিগেটিভ ৰিপৰ্ট ওলাই বিধায়ক কৃষ্ণেন্দু পালৰ ৷ স্বাস্থ্য বিভাগে 14 দিন হোম কোৱাৰেন্টাইন হৈ থাকিবলৈ নিৰ্দেশ দিয়ে বিধায়ক জনক ৷ কোভিড চিকিৎসালয়ৰ পৰা মুকলি হ'ল কৃষ্ণেন্দু পালক ৷

MLA Krishnendu Paul Released From Karimganja Covid Hospital
কোভিড চিকিৎসালয়ৰ পৰা মুকলি হ'ল বিধায়ক কৃষ্ণেন্দু পাল

কৰিমগঞ্জ, 28 জুনঃ কৰিমগঞ্জ কোভিড চিকিৎসালয়ৰ পৰা মুকলি হ'ল বিধায়ক কৃষ্ণেন্দু পাল ৷ বিধায়ক জনৰ দেহত কৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত কৰিমগঞ্জ কোভিড চিকিৎসালয়ত ভৰ্তি হৈ আছিল ৷

কোভিড চিকিৎসালয়ৰ পৰা মুকলি হ'ল বিধায়ক কৃষ্ণেন্দু পাল

উল্লেখ্য যে, যোৱা 22 জুন পাথাৰকান্দি বিধায়ক কৃষ্ণেন্দু পাল দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ তাৰ পিছৰে পৰা কৰিমগঞ্জ কোভিড চিকিৎসালয়ত ভৰ্তি হৈ আছিল ৷ শনিবাৰে বিধায়ক গৰাকীৰ পুনৰ স্বাৱ পৰীক্ষাৰ অন্তত কোভিড-19 নিগেটিভ ৰিপৰ্ট ওলায় ৷ বিধায়ক জনৰ পুনৰ নিগেটিভ ওলোৱাত দেওবাৰে কৰিমগঞ্জৰ স্বাস্থ্য বিভাগে তেওঁক চিকিৎসালয় খনৰ পৰা মুকলি কৰি দিয়ে ৷ আনহাতে বিধায়ক গৰাকীক 14 দিন হোম কোৱাৰেন্টাইন হৈ থাকিবলৈ স্বাস্থ্য বিভাগে নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক- কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা ধুবুৰীৰ আৱৰ্ত ভৱন

ABOUT THE AUTHOR

...view details