অসম

assam

ETV Bharat / state

এইবাৰ বঙালী মিউজিয়াম স্থাপনৰ দাবী বৰাকৰ বিধায়কৰ - শ্বেৰমান আলী

মিঞা মিউজিয়ামৰ পাচত এইবাৰ দাবী উঠিছে বঙালী মিউজিয়ামৰ ৷ শংকৰদেৱ কলাক্ষেত্ৰত বঙালী মিউজিয়াম স্থাপনৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কমলাক্ষ দে’ পুৰকায়স্থৰ ৷

bangali museum
bangali museum

By

Published : Oct 30, 2020, 10:09 PM IST

কৰিমগঞ্জ, 30 অক্টোবৰ : কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে মিঞা মিউজিয়াম স্থাপনৰ বিষয়টোৱে বিতৰ্কৰ সূত্ৰপাত চলি থকাৰ পাছত এইবাৰ বৰাকৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কলাক্ষেত্ৰত এইবাৰ বাঙালী মিউজিয়ামৰ দাবী জনায় মুখ্যমন্ত্রীলৈ প্ৰেৰণ কৰিছে পত্ৰ । এইবাৰ পুনৰ উদ্গীৰণ ঘটিছে আন এক বিতৰ্কৰ ৷ বঙালী মিউজিয়ামৰ দাবী কংগ্ৰেছ বিধায়কৰ ৷

বঙালী মিউজিয়াম স্থাপনৰ দাবী বৰাকৰ বিধায়কৰ

মিঞা মিউজিয়াম বিতৰ্কৰ মাজতে কমলাক্ষই শংকৰদেৱ কলাক্ষেত্ৰত ‘সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতি সংৰক্ষিত হোৱা উচিত’ বুলি মতপ্ৰকাশ কৰে ৷ বিধায়কগৰাকীয়ে ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ নিজস্ব কলা-সংস্কৃতিৰ ক্ষেত্ৰত এই মিউজিয়ামৰ ব্যৱস্থা থাকিব লাগে বুলিও উল্লেখ কৰে ৷ উল্লেখ্য যে, বিগত কিছুদিন ধৰি মিঞা মিউজিয়াম স্থাপনৰ বিষয়টোক লৈ কটু-সমালোচনাৰ সৃষ্টি হৈছে ৷ বিজেপিকে ধৰি বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে ৷

লগতে পঢ়ক :কোনো কাৰণতে অসমত স্থাপন কৰিবলৈ দিয়া নহয় মিঞা মিউজিয়াম

ABOUT THE AUTHOR

...view details