কৰিমগঞ্জ,3অক্টোবৰঃ কৰিমগঞ্জৰ লংগাই নৈত পিছলি পৰি সন্ধানহীন হৈছে 9 বছৰীয়া এটি কণমানি শিশু ৷ জিলাখনৰ কানাইবজাৰ পঞ্চায়তৰ বাহাদুৰপুৰ গাঁৱত শনিবাৰে সংঘটিত হৈছে এই অঘটন ৷ সন্ধানহীন শিশুটিৰ নাম জন্নতা ফেৰদৌছ ৷ জানিব পৰা মতে, নৈৰ পাৰত খেলি থাকোঁতেই নৈত পিছলি পৰে শিশুটি ৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে শিশুটিক বিচাৰি সন্ধান চলাই যদিও বিফল হয় ৷ অৱশেষত আৰক্ষীক এই সন্দৰ্ভত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লগতে SDRF বাহিনীৰ লোক উপস্থিত হৈ নামি পৰে উদ্ধাৰ অভিযানত ৷ কিন্তু ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলা অভিযানত শিশুটিৰ সন্ধান লাভ কৰাত ব্যৰ্থ হয় SDRF বাহিনী ৷
কৰিমগঞ্জৰ লংগাই নৈত সন্ধানহীন কণমানি শিশু - SDRF বাহিনী
নৈৰ পাৰত খেলি থাকোঁতেই নৈত পিছলি পৰে শিশুটি ৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে শিশুটিক বিচাৰি সন্ধান চলাই যদিও বিফল হয় ৷ অৱশেষত আৰক্ষীক এই সন্দৰ্ভত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লগতে SDRF বাহিনীৰ লোক উপস্থিত হৈ নামি পৰে উদ্ধাৰ অভিযানত ৷
কৰিমগঞ্জৰ লংগাই নৈত সন্ধানহীন কণমানি শিশু
আনহাতে, শিশুটিক বিচাৰি পুনৰ দেওবাৰে অভিযান চলাব বুলি জানিবলৈ দিয়ে SDRF বাহিনীয়ে ৷ উল্লেখযোগ্য যে, শনিবাৰে পুৱাৰে পৰা অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে লংগাই নৈৰ জলপৃষ্ঠ ৷
লগতে পঢ়কঃআৰক্ষী অধীক্ষকৰ নামত ধন দাবী যুৱকৰ