কৰিমগঞ্জ,10 জুনঃ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী কানাইবজাৰ ঈশানছৰা পথৰ শোচনীয় অৱস্থা । স্থায়ী ড্ৰেইন নিৰ্মাণ নোহোৱাৰ বাবে কেইবাবছৰ ধৰি শোচনীয় অৱস্থাত আছে ৰাতাবাৰী তিনিআলিৰ প্ৰায় পাঁচশ মিটাৰ অংশ। বছৰৰ বাৰটা মাহেই পথচোৱাৰ এটা অংশত জমা হৈ থাকে নলা নৰ্দমাৰ লেতেৰা পানী। যাৰ ফলত পথৰ মাজতে সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ।
এটা পথে জ্বলাকলা খুৱাইছে ৰাতাবাৰীৰ ৰাইজক - কৰিমগঞ্জ
স্থায়ী ড্ৰেইন নিৰ্মাণ নোহোৱাৰ বাবেই কেইবাবছৰ ধৰি শোচনীয় অৱস্থাত আছে ৰাতাবাৰী তিনিআলিৰ প্ৰায় পাঁচশ মিটাৰ অংশ ৷ ভুক্তভুগী ৰাইজে অতি শীঘ্ৰেই চৰকাৰী মাটি বেদখলমুক্ত কৰি ড্ৰেইন নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক
উল্লেখ্য যে, ড্ৰেইন নিৰ্মাণৰ বাবে ত্ৰিশ লাখ টকা আবন্টন দিয়া হৈছে যদিও চৰকাৰী মাটি বেদখলকাৰীৰ কবলত থকাৰ বাবেই আজিলৈকে নিৰ্মাণৰ কাম আৰম্ভ নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। লগতে স্থানীয় ৰাইজে চৰকাৰী মাটি বেদখলমুক্ত কৰিবৰ বাবে প্ৰশাসনৰ লগত বৈঠকত মিলিত হোৱাৰ পিচতো উচ্ছেদ অভিযান চলোৱাত গুৰুত্ব দিয়া নাই স্থানীয় প্ৰশাসনে ৷ সেয়েহে ভুক্তভোগী ৰাইজে অতি শীঘ্ৰেই চৰকাৰী মাটি বেদখলমুক্ত কৰি ড্ৰেইন নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷
লগতে পঢ়কঃ বিধ্বস্ত পথঃ এম্বুলেঞ্চ নহয় ঠেলাত যায় ৰোগী