কৰিমগঞ্জ,26 মাৰ্চ : দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ অন্তিমটো দিনত মনোনয়ন পত্ৰ দাখিল কৰে কৰিমগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা অসম বিধান সভাৰ উপাধ্যক্ষ কৃপানাথ মাল্লাহে ৷ মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁক সংগ দিয়ে উত্তৰ প্ৰদেশৰ মন্ত্ৰী তথা অসমৰ লোকসভাৰ নিৰ্বাচনৰ দায়িত্বত বিজেপি নেতা মহেন্দ্ৰ সিং , মন্ত্ৰী পৰিমল শুক্লবৈদ্য , বিধায়ক কৃষ্ণেন্দু পাল সহ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিজেপি নেতাসকলে ৷
কৰিমগঞ্জত শক্তি প্ৰদৰ্শন কৃপানাথ মাল্লাহৰ
ৰাষ্ট্ৰীয় নেতা মহেন্দ্ৰ সিঙৰ উপস্থিতিত হাজাৰ-হাজাৰ সমৰ্থকক লগত হৈ মনোনয়ন দাখিল কৰিলে কৰিমগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহে ৷
কৃপানাথ মাল্লাহ
কেইবাহাজাৰ সমৰ্থক সহ সমষ্টিটোৰ পৰা অন্তিমটো দিনত প্ৰাৰ্থী গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ সংবাদ মাধ্যমৰ আগত মহেন্দ্ৰ সিঙে মন্তব্য কৰি কয়যে, আগন্তুক নিৰ্বাচনত বিজেপি বিপুল সংখ্যক ভোটেৰে জয়ী হৈপুনৰ প্ৰধান মন্ত্ৰী আসনত অধিষ্ঠিত হ'ব নৰেন্দ্ৰ মোডী । তেওঁ লগতে কংগ্ৰেছকসমালোচনা কৰি কয় যে, তৰুণ গগৈৰ 15 বছৰৰ চৰকাৰখনৰ তুলনাত সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনে মাথো তিনিটা বছৰতে অসমৰ যথেষ্ট উন্নয়ন কৰিছে ৷
Last Updated : Mar 27, 2019, 2:09 AM IST